গুৱাহাটী,১১ জানুৱাৰী:ভাৰত আৰু শ্ৰীলংকাৰ মাজত হোৱা প্ৰথমখন এদিনীয়াত শতক অৰ্জন কৰি ৰান মেচিন বিৰাট কোহলিয়ে এদিনীয়া ৰেংকিঙত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙত দুটা স্থান আগুৱাই ৭২৬ পইণ্টেৰে ছয় নম্বৰলৈ উন্নীত হৈছে বিৰাট। ইফালে টি-২০ত ভাৰতৰ সূর্যকুমাৰ যাদৱে সৰ্বোচ্চ ৯০৮ পইণ্ট লাভ কৰি শীৰ্ষ স্থানত আছে। উল্লেখ্য যে টি-২০ৰ ইতিহাসত ৯০০ ৰোধিক পইণ্ট লাভ কৰা সূৰ্যই হৈছে একমাত্র ভাৰতীয় বেটছমেন। ইয়াৰ জৰিয়তে সূৰ্যই বিৰাট কোহলিৰ অভিলেখো ভংগ কৰে।
অৱশ্যে ইংলেণ্ডৰ ডাদি মালানে ৯১৫ পইণ্ট লাভ কৰিছিল। সূর্যকুমাৰতকৈ পাকিস্তানৰ মহম্মদ ৰিজৱান ৭২ পইণ্টৰ ব্যৱধানেৰে দ্বিতীয় স্থান লাভ কৰিছে। ইফালে অলৰাউণ্ডাৰৰ সূচীত ভাৰতীয় হিচাপে আছে হার্দিক পাণ্ডিয়া। ২১৯ পইণ্টেৰে পাণ্ডিয়াৰ স্থান তৃতীয় শীৰ্ষত আছে বাংলাদেশৰ শাকিব উল হাছান আৰু আফগানিস্তানৰ মহম্মদ নবীও হার্দিকৰ লগত একেটা স্থানতে আছে। আনহাতে বলিং বিভাগত শীর্ষ দহত কোনো ভাৰতীয়ই স্থান পাবলৈ সক্ষম হোৱা নাই ।
Comments