গুৱাহাটী,১৩ জানুৱাৰী:গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অংশোক সিংহালে কালি জনতা ভৱনৰ নিজ কাৰ্যালয়ত আয়োজিত এখন বৈঠকত মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্যকেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰে। ইয়াৰ অংশ হিচাপে পানবজাৰ আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাম-কাজ মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে।
গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকলৰ লগতে কর্তব্যত নিয়োজিত স্থপতি আৰু ঠিকাদাৰসকলৰ সৈতে হোৱা বৈঠকত তেওঁ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া আসোৱাহসমূহ দূৰ কৰাৰ লগতে ইয়াৰ দ্ৰুত ৰূপায়ণৰ বাবে যাৱতীয় নির্দেশনা প্রদান কৰে।
উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত প্ৰায় ৩৪ কোটি টকা পুঁজিৰে গ্ৰহণ কৰা এই প্ৰকল্পৰ জৰিয়তে আৰক্ষী আয়ুক্তৰ পুৰণি বাংলোৰ চৌহদত মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্যকেন্দ্ৰৰ সৈতে সংলগ্ন কৰাৰ ব্যৱস্থা লোৱা হৈছে। চৌহদত বৰ্তমানে থকা পদুম পুখুৰী এলেকাৰ উন্নয়ন আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ সমগ্ৰ এলেকাৰ সৌন্দৰ্য বৰ্ধনৰ লগতে অঞ্চলটোৰ চাৰিওফালে লেওস্কেপিং কোর্ট আৰু খোজকঢ়া পথৰ নিৰ্মাণৰ কামো এই প্ৰকল্পত সামৰি লোৱা হৈছে। বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো কাম-কাজৰ অগ্ৰগতি সুক্ষ্মভাৱে পৰ্যালোচনা কৰি কেতবোৰ বিশেষ দিশত সালসলনিৰ পৰামৰ্শ দিয়ে। অহা ১৫ মাৰ্চৰ পূৰ্বে এই প্রকল্প সম্পূৰ্ণ ৰূপে সাজু কৰি তুলিব পৰাকৈ বাকী থকা কাম- কাজসমূহ দ্ৰুত কৰি তুলিবলৈ শ্ৰী সিংহালে বিষয়ববীয়াসকলক নির্দেশ দিছে।
Comments