গুৱাহাটী, ১২ জানুৱাৰী:৬ মাহতকৈ অধিক সময় আঘাতৰ বাবে বেডমিণ্টন জগতৰ পৰা আঁতৰি থকা তাৰকা শ্বাটলাৰ পি ভি সিন্ধু মালয়েছিয়া অপেনৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছে। চলিত বৰ্ষৰ প্ৰথমখন প্রতিযোগিতাত অৱতীৰ্ণ হোৱা দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকাগৰাকীয়ে অলিম্পিক চেম্পিয়ন কেৰ'লিনা মেৰিনৰ হাতত ৫৯ মিনিট ধৰি চলা মেচত ২১-১২, ১০-২১, ২১-১৫ ছেটৰ ব্যৱধানত বশ্যতা স্বীকাৰ কৰে। প্ৰথমটো ছেট পৰাজয়ৰ পিছত দ্বিতীয়টো ছেটত সিন্ধুৱে চ স্পেইনৰ তাৰকাগৰাকীক প্ৰত্যাহ্বান জনাই সমতা স্থাপন কৰিছিল। কিন্তু অন্তিম মেচত মেৰিনৰ কৌশলগত খেলৰ সন্মুখত তিষ্ঠিব নোৱাৰি প্ৰথম ৰাউণ্ডৰ পৰা বিদায় মাগিবলৈ বাধ্য হয় সিন্ধু।
অৱশ্যে সিন্ধু পৰাস্ত হ'লেও ভাৰতৰ আশা সজীৱ হৈ আছে মালয়েছিয়া অপেনত। প্রথমখন মেচৰ তাৰকা লক্ষ্য সেনক পৰাস্ত কৰা এইচ এছ প্রণয় প্রতিযোগিতাখনৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। অন্তিম ১৬ত প্রণয়ে চি এ দ্বি ৱাৰ্ডোয়োক ধৰাশায়ী কৰি অন্তিম-৮ত স্থান নিশ্চিত কৰে। প্রণয়ে ৱাৰ্ডোয়োক ৯-২১, ২১-১৫, ১৬-২ৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়া কোৱাৰ্টাৰত জাপানৰ কেন্টা নাৰোকাৰ মুখামুখি হ'ব প্ৰণয়। ইফালে ভাৰতৰ তাৰকা ডাবোল্ছ যুটি সাত্ত্বিক সাইৰাজ ৰংকীৰেড্ডী আৰু চিৰাগ চেট্টীৰো খিতাপ জয়ৰ আশা অব্যাহত আছে। প্রি-কোৱাৰ্টাৰত তাৰকা যুটিটোৱে বি মাওলানা আৰু এম এছ ফিকৰিক ২১- ১৯,২২-২০ ব্যৱধানত ধৰাশায়ী কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰে।
Comments