গুৱাহাটী,১৩ জানুৱাৰী:কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল-জলাশয়ত ভোগালীৰ উৰুকাত মাছমৰা কাৰ্যত নিষেধাজ্ঞা । উল্লেখ্য, বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল-জলাশয়ত ভোগালীৰ উৰুকাৰ দিনা মাছ মাৰিবলৈ অহা লোকৰ বাবে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল । তাৰ পৰিপ্ৰেক্ষিততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলত এতিয়া অধিক সষ্টম হৈ পৰিছে বন বিভাগ।
আনহাতে, যিকোনো অনাকাংক্ষিত পৰিৱেশ প্ৰতিৰোধ কৰিবলৈও সষ্টম হৈ আছে বন বিভাগ । ইয়াৰ বাবে কলিয়াবৰৰ চিকনীৰ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অতিৰিক্ত বনকৰ্মী সাজু কৰি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । উল্লেখ্য, বিগত বৰ্ষত মাঘ বিহুৰ উৰুকাৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত মাছ মৰাটো নিষিদ্ধ কৰিছিল বন বিভাগে । তাকে লৈ কলিয়াবৰৰ ৰাঙলু আৰু দেওচুৰত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ।
লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন ৰখাই পথ অৱৰোধ কৰিছিল মৎস্য চিকাৰৰ বাবে অহা একাংশ লোকে । বিগত বৰ্ষৰ উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিততে এতিয়া অধিক সষ্টম হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা কলিয়াবৰ মহকুমা প্ৰশাসন । ইতিমধ্যে কলিয়াবৰ মহকুমা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত মাছমৰাত নিষেধাজ্ঞা প্ৰদান কৰি ১৪৪ ধাৰা জাৰি কৰিছে ।
Comments