গুৱাহাটী,১১ জানুৱাৰী:উত্তৰাখণ্ডৰ যোশীমঠত ভূমিস্খলনৰ ফলত বহু লোক গৃহহীন হৈ পৰিছে । ভূমিস্খলনৰ ফলত আৱাসগৃহবোৰত ফাঁট নিৰন্তৰে বৃদ্ধি পাই আহিছে । একে সময়তে প্ৰশাসনেও বিপজ্জনক অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
ইয়াৰ পিছতে বুধবাৰে দুৰ্যোগ ৰক্ষাৰ অধীনত প্ৰতিটো পৰিয়ালক তাৎক্ষণিকভাৱে ১.৫০ লাখ টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷মুখ্যমন্ত্ৰীৰ সচিব আৰ মীনাক্ষী সুন্দৰমে এই সন্দৰ্ভত কয় যে ভূমিস্খলনৰ বাবে এতিয়ালৈকে যোশীমঠৰ দুখন হোটেল বিপজ্জনক অৱস্থাত আছে। হোটেল দুখন ধ্বংস কৰিবলৈ প্ৰশাসনে নিৰ্দেশনা দিছে ৷ কাৰণ এই হোটেল দুখনৰ কাৰণে ওচৰত থকা অট্টালিকাসমূহলৈ ভাবুকি আহি পৰিছে ।
ৰাজ্য চৰকাৰে জনসাধাৰণক পৰ্যাপ্ত সুবিধা প্ৰদান কৰি আছে, যিসকল গৃহহীন লোকে ভাড়াঘৰ লৈ থাকিব বিচাৰে তেওঁলোকক ৬ মাহৰ বাবে প্ৰতি মাহে ৪ হাজাৰ টকাকৈ দিয়া হৈছে। ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়া হ'ব ।
Comments