গুৱাহাটী, ১৮ জানুৱাৰী : হকী বিশ্বকাপত মোক্ষম আঘাত সন্মুখীন হৈছে ঘৰুৱা দল ভাৰত। ৱেলছৰ বিৰুদ্ধে ১৯ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মৰণপণ যুঁজৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈছে তাৰকা মিডফিল্ডাৰ হার্ডিক সিং। হেমষ্টিঙৰ আঘাতৰ বাবে পৰৱৰ্তী মেচ খেলিব নোৱাৰিব হার্ডিকে। এতিয়া হার্ডিকৰ প্ৰত্যাৱৰ্তন সম্পূর্ণ আঘাতৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে বিশ্বকাপ খেলি থকাৰ অৱস্থাত সুস্থ হৈ উঠে, তেন্তে দললৈ ঘূৰি আহিব তাৰকাগৰাকী। অন্যথা হৰ্ডিকৰ অবিহনে বিশ্বকাপ সামৰিব লাগিব টীম ইণ্ডিয়াই উল্লেখ্য যে ভাৰতীয় শিবিৰৰ অভিজ্ঞ তথা নিৰ্ভৰযোগ্য খেলুৱৈৰ ভিতৰত হার্ডিক হৈছে উল্লেখযোগ্য।
চলিত বিশ্বকাপৰ প্ৰথম মেচত ২৪ বছৰীয়া হাৰ্ডিকে স্পেইনৰ বিৰুদ্ধে দ্বিতীয়টো গ'ল দি ভাৰতৰ বিজয় নিশ্চিত কৰিছিল। আনহাতে, দ্বিতীয় মেচত ইংলেণ্ডৰ বিৰুদ্ধে কেইবাটাও সুযোগ সৃষ্টি কৰিছিল হার্ডিকে। গতিকে প্ৰতিযোগিতাৰ মাজভাগতেই হার্ডিকৰ অনুপস্থিতি ভাৰতৰ বাবে নিশ্চিতভাৱে মোক্ষম আঘাত।
Comments