গুৱাহাটী, ১৮ জানুৱাৰীঃ নিৰ্বাচন আয়োগে বুধবাৰে ত্ৰিপুৰা, মেঘালয় আৰু নগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলযোগে কয় যে, "ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত, মেঘালয় আৰু নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ ফলাফল ২ মাৰ্চত ঘোষণা কৰা হ'ব।
ইপিনে, নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগতে, তিনিওখন ৰাজ্যতে আদৰ্শ আচৰণ বিধিও কাৰ্যকৰী হয়। নগালেণ্ড বিধান সভাৰ কাৰ্যকাল ১২ মাৰ্চত শেষ হ'ব, আনহাতে মেঘালয় আৰু ত্ৰিপুৰা বিধানসভাৰ কাৰ্যকাল ক্ৰমান্বয়ে ১৫ আৰু ২২ মাৰ্চত শেষ হ'ব। তিনিখন ৰাজ্যৰ বিধানসভাত ৬০-৬০ খনকৈ আসন আছে।
আনহাতে, উত্তৰ-পূবৰ তিনিখন ৰাজ্যত এই বছৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। ত্ৰিপুৰা বিজেপিৰ দ্বাৰা শাসিত হোৱাৰ সময়ত, নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি নগালেণ্ডত শাসনত আছে। মেঘালয়ত নেচনেল পিপলছ পাৰ্টি (এনপিপি)ৰ শাসন আছে। এনপিপি হৈছে উত্তৰ-পূবৰ একমাত্ৰ দল যাক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিয়া হৈছে।
Comments