গুৱাহাটী,১৭ জানুৱাৰী:দেওবাৰে পংগলৰ দিনা তেলেংগানাত পালন কৰা হয় জল্লিকাট্টু ৷ অৱনিয়াপুৰমত আয়োজিত জল্লিকাট্টুত ৬১ জনতকৈ অধিক লোক আহত হয় আৰু ইয়াৰে ১৭ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত লোকসকলক তৎকালীনভাৱে ৰাজাজী চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । লোককেইজন আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো জল্লিকাট্টু প্ৰতিযোগিতা অব্যাহত আছিল ।
উন্মাদ অশ্বাৰোহীৰ এই প্ৰতিযোগিতাত জয়ীন্দপুৰমৰ যুৱক বিজয়ে ২৮টা ষাড় ধৰি প্ৰথম স্থানত লাভ কৰিছিল । অৱনিয়াপুৰমৰ কাৰ্তিক ১৭টা ষাড় ধৰি ২য় স্থান লাভ কৰে আৰু ভিলাংগুদিৰ বালাজীয়ে ১৩টা ষাড় ধৰি লাভ কৰে তৃতীয় স্থান । প্ৰথম পুৰস্কাৰ বিজয়ী বিজয়ক মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ হৈ শ্ৰেষ্ঠ ষাড় বন্দীজনৰ বাবে ট্ৰফী আৰু এখন গাড়ী প্ৰদান কৰা হয় । মাদুৰাইৰ জয়হিন্দপুৰমৰ পৰা অহা বিজয়ে তামিলনাডু পাৱাৰ ব’ৰ্ডত গেং মেন হিচাপে কাম কৰি আছে।
Comments