গুৱাহাটী, ১৭ জানুৱাৰীঃ সংযুক্ত আৰৱ আমিৰাত (ইউ.এ.ই.)ৰ চৰকাৰী কৰ্মকৰ্তা হিচাপে ছদ্মবেশ ধাৰণ কৰা এজন ব্যক্তিয়ে তিনি মাহ ধৰি সৰোজিনী নগৰ অঞ্চলৰ হোটেল লীলা পেলেচত বাস কৰি আহিছে, য'ত তেওঁৰ কোঠাৰ ২৩ লাখ টকাৰ বকেয়া বিল পৰিশোধ নকৰাকৈ পলায়ন কৰে। মহমেদ শ্বৰীফ নামৰ ব্যক্তিজনে বিগত বৰ্ষৰ ১ আগষ্টৰ পৰা ২০ নৱেম্বৰলৈকে হোটেলখনত বাস কৰি আছিল আৰু হোটেলৰ কৰ্মচাৰীৰ মতে ২৩,৪৬,৪১৩ টকাৰ বিল নিষ্পত্তি নকৰাকৈ পলাই গৈছে।
সূত্ৰ অনুসৰি, লোকজনে ভুৱা ব্যৱসায়িক কাৰ্ডলৈ হোটেলখনত প্ৰৱেশ কৰে আৰু তেওঁৰ শ্বেখ ফালাহ বিন জায়েদ আল নাহিয়ানৰ ইউ.এ.ই. কাৰ্যালয়ৰ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা হিচাপে পৰিচয় দিয়ে।
ইপিনে, ২০ নৱেম্বৰ, ২০২২ তাৰিখে দুপৰীয়া প্ৰায় ১ বজাত, মানুহজনে হোটেলৰ মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰে হোটেল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বৰ্তমান হোটেল কৰ্তৃপক্ষই দাখিল কৰা অভিযোগৰ ভিত্তিত, দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪১৯ (ব্যক্তিৰ দ্বাৰা প্ৰৱঞ্চনাৰ বাবে শাস্তি), ৪২০ (প্ৰৱঞ্চনা), আৰু ৩৮০ (বাসগৃহত চুৰি ইত্যাদি) ধাৰাৰ অধীনত ১৩ জানুৱাৰীত এখন এজাহাৰ পঞ্জীয়ন কৰিছে।
Comments