Cartoon
View Older
গুৱাহাটী,১৮ জানুৱাৰী:মাইক্ৰ'ছফ্টে আজি হাজাৰ হাজাৰ কৰ্মচাৰীক ছাটাই কৰিবলৈ সাজু হৈছে । স্কাই নিউজৰ উদ্ধৃতি দি ৰয়টাৰ্ছে দিয়া প্ৰতিবেদন অনুসৰি হাজাৰ হাজাৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰা হ'ব । বিশ্বৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানীটোৱে ইয়াৰ কৰ্মশক্তিৰ প্ৰায় ৫ শতাংশ অৰ্থাৎ প্ৰায় ১১,০০০ চাকৰি হ্ৰাস কৰিব বিচাৰিছে ।
বুধবাৰে মানৱ সম্পদ আৰু অভিযান্ত্ৰিক বিভাগত হাজাৰ হাজাৰ চাকৰি কৰ্তনৰ সম্ভাৱনা আছে । এই ছাটাই হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তি খণ্ডত শেহতীয়া ছাটাই । ইতিমধ্যে Amazon.com আৰু মেটা প্লেটফৰ্মকে ধৰি কোম্পানীবোৰে নিজৰ চাহিদা হ্ৰাস হোৱা আৰু বিশ্বব্যাপী অৰ্থনৈতিক দৃষ্টিভংগীৰ অৱনতিৰ প্ৰতিক্ৰিয়াস্বৰূপে ছাটাই কাৰ্য ঘোষণা কৰিছে ।
Comments