গুৱাহাটী,১৬ জানুৱাৰী:দেশৰ ৰাজধানী নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব শাসকীয় বিজেপি দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক বৈঠক ৷ বহুতেই চৰ্চা কৰি থকাৰ দৰে এই কাৰ্যনিবাহক বৈঠকতে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকালৰ অন্তও পৰিব পাৰে ৷ অৱশ্যে তেওঁৰ কাৰ্যকাল বৃদ্ধিৰো সম্ভাৱনাও আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণেৰে মঙলবাৰে বিয়লি অন্ত পৰিব এই সভাৰ ৷
এই মাহতে অন্ত পৰিব ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি হিচাপে নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈকে তেওঁ দলৰ নেতৃত্ব দিব পাৰিব । সোমবাৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পেটেল চ’কৰ পৰা এন ডি এম চি কনভেনচন চেণ্টাৰলৈ ৰোড শ্ব'ৰ আয়োজন কৰিছে।
ইয়াৰ পিছত বিয়লি ৪ বজাৰ পৰা কাৰ্যনিৰ্বাহক সভা আৰম্ভ হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অধিৱেশনত উদ্বোধনী ভাষণ দিব আৰু মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণেৰে এই কাৰ্যনিবাহক সভাৰ সামৰণি পৰিব । সাংবাদিকক সম্বোধন কৰি বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাউডে কয় যে, প্রধানমন্ত্ৰী মোডী আৰু বিজেপিৰ সভাপতি নাৰ উপৰিও বিজেপি শাসিত ৰাজ্যৰ ১২ জন মুখ্যমন্ত্ৰী আৰু ৫ জন উপ-মুখ্যমন্ত্ৰীৰ উপৰিও ১৭ খন ৰাজ্যৰ সদনৰ সদস্য, ৩৫ জন কেন্দ্ৰীয় মন্ত্ৰী, দলৰ বিভিন্ন পদত থকা নেতাকে ধৰি প্রায় ৩৫০ জন লোকে কার্যনির্বাহক সভাত অংশগ্ৰহণ কৰিব ।
Comments