Cartoon
View Older
গুৱাহাটী,১৬ জানুৱাৰী;ৰাজধানী দিল্লীত বায়ু প্ৰদূষণৰ গুৰুতৰ পৰিস্থিতিক লৈ বিজেপি বিধায়কৰ অভিনৱ প্ৰতিবাদ । ক্ষুব্ধ বিধায়কসকলে মাস্ক পৰিধান কৰি অক্সিজেন চিলিণ্ডাৰ লৈ বিধানসভাত জনালে প্ৰতিবাদ । তেওঁলোকে দিল্লীৰ বৰ্ধিত প্ৰদূষণৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।
দিল্লী বিধানসভাৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিজেপিৰ সকলো বিধায়কে প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । সেয়েহে প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হোৱা বুলি মন্তব্য কৰি বিধায়কসকলে এনে পৰিস্থিতিত সকলোৱেই লগত এটা চিলিণ্ডাৰ কঢ়িয়াব লাগিব বুলি চৰকাৰক কটাক্ষ কৰে ।
Comments