গুৱাহাটী,১৬ জানুৱাৰী:অসম আৰক্ষীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে অসম ৰাজ্যত যি অপৰাধৰ হাৰ গড়ে প্ৰতি লাখ জনসংখ্যাত ৩৬৬ টা আছিল;সেই হাৰ এতিয়া প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ২০০ টালৈ হ্ৰাস পাইছে । ২০২১ চনৰ শেষত ৯৫,৯৯৪ টা আৰু ২০২০ চনৰ শেষত এক লাখতকৈ অধিক গোচৰৰ বিপৰীতে ২০২২ চনৰ শেষত গোচৰৰ সংখ্যা হ্ৰাস পাইছে।ইয়াৰ ফলত তদন্ত বিষয়া (আই অ’) আৰু গোচৰৰ অনুপাত উন্নত হ’ব আৰু তাৰ ফলত তদন্ত আৰু তত্বাৱধানৰ মানদণ্ড বৃদ্ধি পাব।
তদুপৰি ২০২১ চনৰ শেষৰ ফালে ৫২টা গোচৰৰ বিপৰীতে প্ৰতিজন আই অ’ত গড়ে ২৫টা গোচৰলৈ হ্ৰাস পাইছে।আনকি অপৰাধ ছিণ্ডিকেটক দমন কৰা,অপৰাধীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা আৰু হটস্পটৰ নিৰীক্ষণ দৰে অসম আৰক্ষীয়ে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বাবেও অপৰাধৰ সংখ্যা কমি আহিছে । তদুপৰি ২০২২ চনত চাৰ্জ শ্বীটৰ শতাংশও ৪৮ শতাংশলৈ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ বছৰৰ ৩৯ শতাংশ আছিল।
মহিলাৰ বিৰুদ্ধে অপৰাধো ২০২১ চনত ২৯,০৪৬টা গোচৰৰ বিপৰীতে ২০২২ চনত ১২,০৩৪টা গোচৰলৈ হ্ৰাস পাইছে । আনকি শিশুৰ বিৰুদ্ধে অপৰাধৰ সংখ্যাও ৪,৩০৬ লৈ হ্ৰাস পাইছে, যিটো পূৰ্বৰ বছৰত ৫,২৮২ আছিল। আনহাতে মানৱ সৰবৰাহৰ গোচৰৰ সংখ্যাও ৯৬টালৈ হ্ৰাস পাইছে, যিটো পূৰ্বৰ বছৰত ২০৩টা আছিল।ৰাজ্যখনত ৰিপ’ৰ্ট কৰা চাইবাৰ অপৰাধৰ সংখ্যাও ১৭৮১টালৈ হ্ৰাস পাইছে, যিটো ২০২১ চনত ৪৮৪৬টা গোচৰ আছিল । পূৰ্বৰ বছৰৰ তুলনাত হত্যাকাণ্ডৰ সংখ্যাও হ্ৰাস পাইছে । সম্পত্তিৰ বিৰুদ্ধে অপৰাধ ২০২১ চনত ২৯,১১৩ৰ পৰা ২০২২ চনত ১৪,৩৮১লৈ হ্ৰাস পাইছে।
Comments