গুৱাহাটী, ১৭ জানুৱাৰীঃ ক'ৰনা মহামাৰীত আক্রান্ত হোৱাৰ পিছত ললিত মোদীক লণ্ডনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কে.কে. মোদী ফেমিলি ট্ৰাষ্টত চলি থকা পাৰিবাৰিক সম্পত্তি বিবাদৰ মাজতে, ললিত মোদীয়ে চিকিৎসালয়ৰ পৰাই তেওঁৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিছে। তেওঁ পুত্ৰ ৰুচিৰ মোদীক তাৎক্ষণিক প্ৰভাৱৰ সৈতে তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। তেওঁ কৈছে যে, "মই মোৰ জীয়ৰীৰ সৈতে কথা পতাৰ পিছতহে এই সিদ্ধান্ত লৈছো।"
লণ্ডনত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা ললিত মোদীয়ে সামাজিক মাধ্যমৰ এক পোষ্টত ব্যৱসায়িক গোট কে কে মোদী ফেমিলি ট্ৰাষ্টত চলি থকা বিতৰ্কৰ মাজতে তেওঁৰ পুত্ৰক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। তেওঁ বিবৃতিটোত কৈছে যে, "মোৰ ছোৱালী আৰু মোৰ অভিমত যে ললিত কুমাৰ মোদী পাৰিবাৰিক বিষয়ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু ন্যাসৰ কামবোৰ এতিয়া পুত্ৰ ৰুচিৰ মোদীক হস্তান্তৰ কৰা উচিত।"
Comments