গুৱাহাটী, ১৭ জানুৱাৰীঃ সকলেৱে হয়টো শৈশৱৰ পৰাই এই কথাটো শুনি আছে যে পৃথিৱীত প্ৰথম কুকুৰাৰ উৎপত্তি হৈছিল নে কণীৰ! কিন্তু ইয়াৰ সঠিক উত্তৰ কোনেও পোৱা নাছিল। শেহতীয়াকৈ, বিজ্ঞানীসকলে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাইছে। সূত্ৰ অনুসৰি, ব্ৰিটেইনৰ শ্বেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপকে কুকুৰা আৰু কণীৰ এই বিষয় সন্দৰ্ভত গভীৰতাৰে গৱেষণা কৰিছে। এই অধ্যয়ন অনুসৰি, জানিব পৰা গৈছে যে, পৃথিৱীত প্ৰথমে কণী নহয় বৰঞ্চ কুকুৰাৰ উৎপত্তি হৈছিল।
বিজ্ঞানীসকলৰ মতে, কুকুৰাৰ কণীৰ বাকলিত অভক্লিডিন নামৰ এবিধ প্ৰ'টিন পোৱা যায়। এই প্ৰ'টিন অবিহনে কণী উৎপাদন কৰা সম্ভৱ নহয়। কেৱল এয়াই নহয়, এইটোও জানিব পৰা গৈছে যে এই প্ৰ'টিন কেৱল কুকুৰাৰ জৰায়ুত উৎপন্ন হয়, সেই অনুসৰি কুকুৰা পৃথিৱীত প্ৰথমে আহিছিল। অভক্লিডিন কুকুৰাৰ জৰায়ুত উৎপন্ন হোৱাৰ পিছতহে কণীৰ খোলালৈ ৰূপান্তৰিত হয়।বিজ্ঞানীসকলৰ এই অধ্যয়ন আৰু গৱেষণাই জানিব পৰা গৈছে যে কুকুৰা কণীৰ আগতে পৃথিৱীত উৎপন্ন হৈছিল।
Comments