গুৱাহাটী,১৭ জানুৱাৰী: অন্ত পৰিল কলকাতাত চলি থকা আন্তঃৰাষ্ট্ৰীয় কলকাতা চুটি চলচ্চিত্ৰ মহোৎসৱৰ । এই মহোৎসৱত বৰুণ চান্দক দীৰ্ঘদিন ধৰি অসাধাৰণ অভিনয় আৰু স্ক্ৰিপ্ট ৰাইটিঙৰ বাবে লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয় । একেখন মঞ্চতে আন এগৰাকী প্ৰবীণ অভিনেতা ফাল্গুনি চট্টোপাধ্যায়ে 'অভিনেতা জীৱন গুহা সোঁৱৰণী বঁটা' লাভ কৰে।
এইবাৰ আন্তঃৰাষ্ট্ৰীয় কলকাতা চুটি ছবি মহোৎসৱে তৃতীয় বছৰত ভৰি দিলে। ১০ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ এই চুটি চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়। ইয়াত প্ৰায় ২০খন দেশৰ পৰা ১৫০খন ছবি প্ৰেৰণ কৰা হৈছিল। প্ৰায় ৮০ খন ছবি অনলাইনত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। শেষৰ দিনা ৰটাৰী হাউচত কেইবাখনো ছবি দেখুওৱা হৈছিল।
নৰৱেৰ ‘জেকব এণ্ড কুইছলিংক’ই এইবাৰ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে। ‘জুনি’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত হৈছিল দিব্য দত্ত। এই ছবিখনৰ পৰিচালক মহেশ মেথিউ আৰু জ্যোতি বাজাজে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।
Comments