Cartoon
View Older
গুৱাহাটী,১৭ জানুৱাৰী:ভাৰত আৰু পাকিস্তানে আলোচনাৰ মেজত বহি কাশ্মীৰ সমস্যা সমাধান কৰাৰ পোষকতা কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে । পাকিস্তানৰ এটা নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত শ্বৰীফে কয়, ‘ভাৰতীয় নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মোৰ এটায়ে বাৰ্তা,আহক আমি টেবুলত বহি কাশ্মীৰৰ দৰে আমাৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে দ্বিপাক্ষিক আলোচনা কৰোঁ।'
জম্মু-কাশ্মীৰত সংখ্যালঘুৰ বিৰুদ্ধে ভাৰতে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মানৱ অধিকাৰ উলংঘাক লৈ তেওঁ কয়,“ভাৰতে এইবোৰ কাম বন্ধ কৰি আলোচনাৰ বাবে সাজু বুলি বিশ্বজুৰি বাৰ্তা বিয়পাব লাগিব লাগিব, তেতিয়াহে এয়া সম্ভৱ।”
Comments