গুৱাহাটী, ২১ জানুৱাৰীঃগুগলে ঘোষণা কৰিছে যে কোম্পানীটোৱে আন্তঃৰাষ্ট্ৰীয়ভাৱে ১২ হাজাৰ কৰ্মচাৰী ছাটাই কৰিব।আমেৰিকাত থকা গুগলৰ যিসকল কৰ্মচাৰীক ছাটাই কৰা হ'ব সেইসকলে ইতিমধ্যে এটা ইমেইল পাইছে।বাকীসকলক সোনকালে জনোৱা হ'ব।গুগলৰ চি ই অ’ সুন্দৰ পিচায়ে কৰ্মচাৰীসকললৈ দিয়া এখন চিঠিত এই কথা জনায়।তেওঁ কয় যে ছাটাই কৰিবলগীয়া কৰ্মচাৰীসকলে পাবলগীয়া বোনাছ লাভ কৰিব।
গুগলৰ এই শেহতীয়া ছাটাইৰ ফলত কোনটো বিভাগত বেছি প্ৰভাৱ পৰিব সেইটো অস্পষ্ট হৈ আছে।উল্লেখযোগ্য যে অলপতে মাইক্ৰছফ্ট কোম্পানীয়েও ১০ হাজাৰ কৰ্মচাৰী ছাটাই কৰিছিল।
আনহাতে ফুড ডেলিভাৰি প্লেটফৰ্ম ছুইগিয়ে কয় যে এটা পুনগঠন ব্যৱস্থাৰ অংশ হিচাপে ৩৮০জন প্রতিভাসম্পন্ন ছুইগাৰক বিদায় দিয়া হব।ছুইগিয়ে লগতে কয় যে এইটো এটা অতি জটিল সিদ্ধান্ত।কোম্পানীটোৱে কয় যে এটা বিস্তৃত এমপ্লয়ী এছিষ্টেঞ্চ প্লেন কৰা হৈছে আৰু ক্ষতিগ্ৰস্ত কৰ্মচাৰীসকলে আন চাকৰি নোপোৱালৈকে সহায়- সমৰ্থন পোৱাত ই সহায় কৰিব।
Comments