গুৱাহাটী,২০ জানুৱাৰী:উত্তৰ-পূব ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ল'ৰাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্রাইজমানি টেনিছ টুর্নামেন্ট প্রতিযোগিতা অহা ২৩-২৭ জানুৱাৰীত অনুষ্ঠিত হ'ব। গুৱাহাটী খানাপাৰা গণেশ মন্দিৰৰ কাষত থকা খানাপাৰা লং টেনিছ একাডেমী চমুকৈ কেএলটিএ উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় প্রতিযোগিতাখন পৰিচালনা কৰিব অল ইণ্ডিয়া টেনিছ এছ'চিয়েশ্যনে। ভাৰতৰ প্ৰায় ১৭ খন ৰাজ্যৰ খেলুৱৈয়ে উক্ত টুর্নামেন্টত অংশগ্রহণ কৰিব। খানাপাৰা লং টেনিছ একাডেমীৰ সঞ্চালক ড° নিতু কুমাৰ দাসে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক খেল বিজ্ঞপ্তিত উল্লেখ কৰা মতে মূল টুর্নামেন্টখন ২৩ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব যদিও ইয়াৰ আগতে যোগ্যতা নির্ণায়ক প্রতিযোগিতা ২০-২২ জানুৱাৰীত অনুষ্ঠিত হ'ব।
যোগ্যতা নির্ণায়ক প্ৰতিযোগিতাৰ পৰা মুঠ ৩২ জন বছা বছা খেলুৱৈক নিৰ্বাচিত কৰি মূল প্রতিযোগিতাত অংশগ্ৰহণৰ সুযোগ দিয়া হ'ব। ইতিমধ্যে ৰাষ্ট্ৰীয় টেনিছ টুর্নামেন্ট দিবা-নৈশ ভিত্তিত খেলাৰ সকলো ব্যৱস্থা সম্পূর্ণ সাজু কৰি তোলা হৈছে। বিজয়ীসকলৰ মাজত এক লাখ টকাৰ প্ৰাইজমানি আৰু প্ৰশস্তি-পত্ৰৰ লগতে খেল সম্পর্কীয় আকর্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব। তদুপৰি খেলুৱৈসকলে এই প্রতিযোগিতাৰ সহায়ত নেশ্যনেল ৰেংকিং উন্নত কৰাৰ সকলো সুবিধা লাভ কৰিব। ২৩ জানুৱাৰী পুৱা ৮ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন উদ্বোধন কৰা হ'ব বুলি খানাপাৰা লং টেনিছ একাডেমীৰ সঞ্চালকে জানিবলৈ দিছে। পুৱা ৮ বজাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে সকলো ক্রীড়াপ্রেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
Comments