গুৱাহাটী, ২০ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকালাইক তেওঁৰ আহিবলগীয়া তথ্যচিত্ৰৰ এখন প'ষ্টাৰত হিন্দু দেৱী কালীক চিগাৰেট সেৱন কৰি থকা দেখুওৱাৰ বাবে তেওঁৰ বিৰুদ্ধে দাখিল কৰা একাধিক এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱাৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে।মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি.এছ. নৰসিংহৰ নেতৃত্বত গঠিত বিচাৰমণ্ডলীয়ে এই বিষয় সন্দৰ্ভত কৈছে যে, "পঞ্জীভুক্ত এজাহাৰ বা যিকোনো এজাহাৰ দাখিল কৰিব পাৰে, অথবা একেটা বিষয় সন্দৰ্ভত বহুতো আবেদন দাখিল কৰিব পাৰে। কিন্তু চলচ্চিত্র নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে কোনো বলপূৰ্বক পদক্ষেপ লোৱা নহ'ব।"
ইপিনে, শীৰ্ষ ন্যায়ালয়ে চলচ্চিত্ৰ নিৰ্মাতাৰ আবেদনৰ ওপৰত এখন জাননীও জাৰি কৰিছে, যাক অধিবক্তা কামিনী জয়ছোৱালে প্ৰতিনিধিত্ব কৰিছে। অধিবক্তা কামিনীয়ে "কালী" শীৰ্ষক তথ্যচিত্ৰৰ পোষ্টাৰৰ ওপৰত বিভিন্ন ৰাজ্যত পঞ্জীয়ন কৰা সকলো এজাহাৰ বাতিল কৰিবলৈ নিৰ্দেশনা বিচাৰিছে। ইফালে, দেৱী কালীৰ প'ষ্টাৰৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু উত্তৰাখণ্ডত অভিযোগনামা পঞ্জীয়ন কৰা হৈছে। চলচ্চিত্র নিৰ্মাতাগৰাকীৰ অধিবক্তাই সামাজিক মাধ্যমত তেওঁৰ মক্কেলক দিয়া ভাবুকিৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাটো ন্যায়ালয়ক আপীল কৰিছে। লগতে, আবেদনখনত উল্লেখ কৰা হৈছে যে, চলচ্চিত্র নিৰ্মাতাগৰাকীয়ে কোনো ব্যক্তিৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ চেষ্টা কৰা নাই।
Comments