গুৱাহাটী,২০ জানুৱাৰী:ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ অধীনস্থ টিংৰাই আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলসমূহত চোৰৰ ব্যাপক অতপালি বৃদ্ধি পাই থকাৰ সময়তে আজি পুৱতিনিশা টিংৰাই আৰক্ষী চকীৰ পুলিচে দুজন বিদ্যুৎ ট্রেঞ্চফৰ্মাৰ চোৰক হাতে- লোটে ধৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে আজি পুৱতিনিশা প্ৰায় ২.৩০ বজাত টিংৰাই আৰক্ষী চকীৰ অধীনৰ পাণবাৰীস্থিত বিদ্যুৎ ট্রেঞ্চফৰ্মাৰটো চুৰি কৰি থকা অৱস্থাত সচেতন ৰাইজে প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত টিংৰাই আৰক্ষী চকী বিষয়া ৰমাকান্ত বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ মেৰবিল মাজুলী গাঁৱৰ অজয়প্ৰাণ তাঁতী (২১) আৰু কঁঠালগুৰি গাঁৱৰ নবীন কৰ্মকাৰ (১৯) নামৰ দুজন চোৰক হাতে-লুটে ধৰি টিংৰাই আৰক্ষী চকীলৈ আনে। ইতিমধ্যে ১০/২৩ নম্বৰৰ এক গোচৰ ৰুজু কৰি উল্লেখিত দুই চোৰক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি ৩৭৯ ধাৰাত গ্ৰেপ্তাৰ কৰা বুলি টিংৰাই আৰক্ষী চকীৰ বিষয়াগৰাকীয়ে অৱগত কৰিছে।
Comments