গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জানুৱাৰী ঃ ডক্তৰ বেজবৰুৱা-২ নামৰ চলচ্ছিত্ৰখন সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷
আজি মুখ্যমন্ত্ৰীয়ে অহা তিনি ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ডক্তৰ বেজবৰুৱা-২ নামৰ চলচ্ছিত্ৰখনৰ কথা উল্লেখ কৰি কয় যে প্ৰাগ টিভিৰ সঞ্জীৱ নাৰায়ণে দুই-এদিনতে ডক্তৰ বেজবৰুৱা ৰিলিজ দিব৷ গতিকে সকলোৱে ডক্তৰ বেজবৰুৱা চাব লাগে৷ প্ৰণিধানযোগ্য যে প্ৰয়াত নিপন গোস্বামী পৰিচালিত বহু চৰ্চিত ছবি হৈছে ডক্তৰ বেজবৰুৱা-২৷
ৰংঘৰ চিনে প্ৰডাক্শ্যনৰ বেনাৰত ১৯৭০ চনত মুক্তি পোৱা ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা আছিল অসমৰপ্ৰথমখন থ্ৰীলাৰ ছবি৷ ছবিখনত নিপন গোস্বামীয়ে দুৰ্দান্ত অভিনয় কৰাৰ লগতে সংগীত আছিল ৰমেন বৰুৱাৰ৷
সেই সময়ত চিত্ৰগৃহত ধুমুহাৰ সৃষ্টি কৰা ডক্তৰ বেজবৰুৱাক ৫০ বছৰৰ পাছত নতুন ৰূপত এইবাৰ নিমাৰ্ণ কৰা হৈছে৷ এইবাৰ ছবিখনৰ ছিকুৱেল নিৰ্মাণ কৰিছে বিখ্যাত এ এম টেলিভিছনে৷ ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণে৷
আনহাতে সহযোগী প্ৰযোজক হ’ল ডাঃ অক্ষতা নাৰায়ণ৷ সংগীত দিছে জুবিন গাৰ্গে৷ সম্প্ৰতি ৰাজ্যজুৰি ছবিখনৰ প্ৰচাৰ চলি থকাৰ সময়তে আজি মুখ্যমন্ত্ৰীয়ে ডক্তৰ বেজবৰুৱা-২ উপভোগ কৰিবৰ বাবে সকলোকে আহ্বান জনায়৷
Comments