গুৱাহাটী,২২ জানুৱাৰী:তিতাবৰ মহকুমাৰ টিপমীয়া বৰপাচি গাঁৱত পি পি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ চতুৰ্থ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস ২৬ আৰু ২৭ জানুৱাৰীত আয়োজন কৰিছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত স্থানীয় মহিলাসকলৰ মাজত বিভিন্ন ক্রীড়া প্রতিযোগিতাৰ লগতে ২৭ জানুৱাৰীত স্বৰ্গীয় ধুৰুকা বৰা আৰু স্বৰ্গীয় ভদ্ৰৰাম ফুকনৰ সোঁৱৰণত আমন্ত্রণমূলক দিবা-নৈশ ভলীবল (পুৰুষ) প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি পি পি ক্রীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ মুখ্য উপদেষ্টা প্রিয়ংকা ফুকনে জানিবলৈ দিছে।
ইতিমধ্যে দিগন্ত মাধৱ শইকীয়াক সভাপতি, অনিল কছাৰীক কাৰ্যকৰী সভাপতি, বিতুপন বৰুৱাক সাধাৰণ সম্পাদক, তপন শইকীয়া, কৰণকুমাৰ শইকীয়া, ৰুবুল কছাৰীক সম্পাদক হিচাপে লৈ এখন উদ্যাপন সমিতি গঠন হৈছে। প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ৮০১১৫৯৩৮৬৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Comments