গুৱাহাটী,২২ জানুৱাৰী:সংঘাতৰ পৰিৱৰ্তে অসমীয়া আৰু নগাৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে অসম-নগালেণ্ড সীমান্তৰ তিতাবৰ বান্দৰচলিয়া তাঁতী গাঁৱত আয়োজন কৰিছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷ বান্দৰচলিয়া তাঁতী গাঁৱৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত তিতাবৰ মহকুমাৰ নাটক ভালপোৱা কেইজনমান সমাজ সচেতন লোকে আয়োজন কৰিছে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ৷
অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷ উক্ত মহোৎসৱত দেশৰ বহুকেইটা নাট্য দলৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ এটা দলে আৰু অসমৰ সাতটা নাট্যদলে বিভিন্ন ৰসৰ নাট প্ৰদৰ্শন কৰিব ৷ নাটকৰ লগতে অসম আৰু নগালেণ্ডৰ বহুকেইটা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে বিভিন্ন জাতীয় কৃষ্টি আৰু কলা সংস্কৃতি প্ৰদৰ্শন কৰিব । ২২ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হ'বলগীয়া এই নাট মহোৎৱসত অসম আৰু নাগালেণ্ডৰ বহুকেইগৰাকী জনপ্ৰিয় নাট্যকাৰ আৰু অভিনেতাৰ লগতে বহুকেইগৰাকীৰ মন্ত্ৰী-বিধায়কো উপস্থিত থাকিব ।
Comments