Cartoon
View Older
গুৱাহাটী,২২ জানুৱাৰী:প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত হ'বলগীয়া আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিলে । এই তিনিদিনীয়া সন্মিলন প্ৰত্যক্ষ আৰু ভিডিঅ' কনফাৰেন্সিং উভয় ব্যৱস্থাৰে অনুষ্ঠিত হৈছে।
সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধানসকলৰ লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মূৰববী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা প্ৰায় ১০০ গৰাকী বিষয়াই অংশগ্ৰহণ কৰিলে । এই সন্মিলনত ছাইবাৰ অপৰাধ, আৰক্ষী ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ, সন্ত্ৰাসবাদ প্ৰতিহতকৰণৰ প্ৰত্যাহ্বান, বাওঁপন্থী উগ্রবাদ, সামর্থ্য বৃদ্ধি আৰু কাৰাগাৰৰ সংস্কাৰকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হ'ব।
Comments