গুৱাহাটী,২২ জানুৱাৰী:অসম চৰকাৰে কমতাপুৰ ৰাজ্য গঠনৰ বিষয়ে কোনো কথা পৰিকল্পনা কৰা নাই - এই বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে। তেওঁ কয় যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সশস্ত্র সংগঠন কে এল অ'ৰ মুৰববী জীৱন সিংহ মূল সূতিলৈ ঘূৰি আহিছে আৰু সম্প্ৰতি অসমতে আছে। মুখ্যমন্ত্ৰীয়ে কয় যে কমতাপুৰ গঠন সন্দৰ্ভত কোনো তথ্যৰ বিষয়ে তেওঁ অৱগত নহয় আৰু এয়া সম্পূৰ্ণৰূপে সংবাদমাধ্যমৰ সৃষ্টি বুলি তেওঁ মন্তব্য কৰে।
পৃথক কমতাপুৰ গঠন সন্দৰ্ভত প্ৰচাৰিত বাতৰিয়ে জনমানসত বিভ্ৰান্তি আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে জীৱন সিংহ মূল সুতিলৈ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা আৰু বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে আলফাৰ মুৰব্বী পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনায়।
Comments