Cartoon
View Older
গুৱাহাটী, ২৯ জানুৱাৰীঃ বুধবাৰে দিল্লীৰ অসম ভৱনত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ উপস্থিত হয়। উক্ত বৈঠকখন ভাৰতীয় নিৰ্বাচন আয়োগে নগালেণ্ডকে ধৰি উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে অনুষ্ঠিত হয়।
বৈঠকত নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ অন্তত ৰাজ্যখনত নিৰ্বাচন সম্পন্ন হোৱাৰ লগতে ৰাজ্যখনত আসন ভাগ-বতৰাক লৈ আলোচনা কৰিছে বুলি জানিব দিয়ে। উক্ত বৈঠকত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ লগতে উপ মুখ্যমন্ত্ৰী য়ান্থুংগো পেটন আৰু ৰাজ্যিক বিজেপি গোটৰ সভাপতি টেমজেন ইমনা ও লংকুমাৰও উপস্থিত থাকে।
Comments