গুৱাহাটী,১৯ জানুৱাৰী:ডিফেণ্ডিং চেম্পিয়ন তথা স্পেনিছ তাৰকা ৰাফেল চলিত অস্ট্রেলিয়ান অপেনৰ পৰা দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় মাগিছে। সম্ভৱতঃ এইখনেই খেলুৱৈগৰাকীৰ অন্তিম অষ্ট্ৰেলিয়ান অপেন। আজি ৰোড লেভাৰ এৰনা ষ্টেডিয়ামত হোৱা দ্বিতীয় ৰাউণ্ডৰ খেলখনত তেওঁ ‘ৰিটায়ার্ট হার্ট’হৈ ক'ৰ্ট এৰে। অৱশ্যে দুটা ছেটতো তেওঁ পৰাজয়ৰ মুখ দেখে। তেওঁক বাহিৰ কৰে আমেৰিকাৰ মেকেঞ্জী মেকডনাল্ডে। ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি বাহিৰ কৰে নাডালক। ইয়াৰ উপৰি অন্তিমটো ছেটতো মেকডনাল্ড ৭-৫৩ আগবাঢ়ি আছিল। এক প্ৰকাৰে ক'বলৈ গ'লে নাডাল একেবাৰে বিধ্বস্ত হ'ল মেকডনাল্ডৰ হাতত।
অন্তিম ছাৰ্ভিচৰ বাবে সাজু হওঁতেই নাডালে ভৰিত বিষ অনুভৱ কৰে আৰু ক'ৰ্ট এৰি চিকিৎস্যালয়লৈ ৰাওনা হয়। মেচৰ পিছত নাড়ালক হতাশ যেন লাগিছিল। ৩৬ বছৰীয়া নাডাল নৱজাত পুত্ৰকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যৰ সৈতে অষ্ট্ৰেলিয়ান অপেনৰ বাবে মেলবনতে আছিল। নাডাল বাহিৰ হোৱাৰ পিছত পৰিয়ালে নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল। বিশ্বাস কৰা হৈছিল যে এই প্ৰতিযোগিতাখনৰ পিছত তেওঁ অৱসৰ ল'ব। কিন্তু এতিয়াই অৱসৰৰ কথা চিন্তা কৰা নাই ব্লেক কৰ্টৰ একছত্ৰী সম্রাটগৰাকীয়ে।
Comments