গুৱাহাটী,১৯ জানুৱাৰী:বিশ্ব ক্ৰিকেটৰ পিছতে এতিয়া ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে দক্ষিণ আফ্ৰিকাৰ তাৰকা বেছমেন হাছিম আমলাই। আজি ক্রিকেট জগতৰ পৰা মেলানি মাগে আমলাই। উল্লেখ্য যে ৩৯ বছৰীয়া আমলাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছিল যদিও কাউন্টি তথা ঘৰুৱা ক্ৰিকেট খেলি আছিল। তাৰকাগৰাকীয়ে নিজৰ কাউন্টি দল ছাৰেৰ হৈ অন্তিমখন মেচ খেলিছিল।
আনহাতে, দক্ষিণ আফ্ৰিকাৰ হৈ আমলাই ৩৪৯ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি বিশ্ব ক্রিকেটত দৃষ্টি নিবদ্ধ ৰাখিছিল। য'ত তাৰকাগৰাকীয়ে ১৮,৬৭২ ৰান অৰ্জন কৰিছিল। এই সোণালী সময়ছোৱাত তেওঁ টেষ্ট ক্রিকেটত ২৮ টা শতক আৰু এদিনীয়াত ২৭ টা শতক অর্জন কৰে। দক্ষিণ আফ্ৰিকাৰ এইগৰাকী তাৰকাই ভাৰতৰ জনপ্ৰিয় লীগ আই পি এলতো পঞ্জাবৰ অংশ হৈ চমক দেখুৱাইছিল। অৱশ্যে ১৬ খন খেলৰ চুটি কেৰিয়াৰত আমলাই আই পি এলত দুটাহে শতক অৰ্জন কৰিছিল।
Comments