গুৱাহাটী,১৯ জানুৱাৰী:বৃহস্পতিবাৰৰ পৰা জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা । ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই জোনবিল মেলা ৷ জোনবিল মেলাৰ বাবে পাহাৰৰ পৰা নামি আহিছে হাজাৰ হাজাৰ মামা-মামী ৷ লগে লগে বিনিময় প্ৰথাৰে জৰিয়তে উজলি উঠিব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী ৷
ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে জোনবিল মেলাস্থলী ৷ জোনবিল মেলা পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো প্ৰস্তুতি সম্পন্ন হোৱা বুলি ব্যক্ত কৰে মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ৷ উল্লেখ্য যে এইবাৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰিব বুলি মেলা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য, এক বৰ্ণিল ইতিহাসৰ সাক্ষী হৈছে মধ্য অসমৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহনকাৰী এই ঐতিহাসিক জোনবিল মেলা । আধুনিক সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ মাজতে গোভা ৰজাই নিৰ্ধাৰণ কৰি দিয়া সময় তথা নিয়মৰ মাজেৰেই ১৫ শতিকাত আৰম্ভ হৈ এতিয়ালৈকে চলি আহিছে জোনবিল মেলা । জোনবিল মেলাত পৰম্পৰাগত মুদ্ৰা ব্যৱস্থাৰ সলনি সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ আদান-প্ৰদান কৰা হয় ৷
Comments