গুৱাহাটী,১৯ জানুৱাৰী:শেহতীয়াকৈ গুজৰাটৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে জয়ৰ অভিলেখ সৃষ্টি কৰিছে । ১৫৬ খন আসন লাভ কৰি প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত অভিলেখ গঢ়িছে বিজেপিয়ে । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ এই বিজয়ক ৰাজ্যখনত উদযাপন কৰা হৈছে । কিন্তু চুৰাটৰ এগৰাকী সোণৰ ব্যৱসায়ীয়ে ব্যতিক্ৰমী ধৰণে এই বিজয় উদযাপন কৰিলে ।
সোণাৰি তথা ব্যৱসায়ীগৰাকীয়ে সোণেৰে নিৰ্মাণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা প্ৰতিমূৰ্তি । ১৫৬ গ্ৰাম সোণেৰে নিৰ্মাণ কৰা হৈছে এই প্ৰতিমূৰ্তিটো । বিজেপিৰ ঐতিহাসিক বিজয় উদযাপনৰ বাবে সোণাৰিজনে নিৰ্মাণ কৰিছে এই সোণৰ প্ৰতিমূৰ্তিটো । এই সোণৰ মূৰ্তিটোৰ আনুমানিক মূল্য ১১ লাখ টকা ।
প্ৰায় ২০ গৰাকী শিল্পীয়ে ৩ মাহৰ নিৰন্তৰ কাম কৰাৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো ।গুজৰাটত বিজেপিৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পাছতে ১৮ কেৰেট সোণেৰে মূৰ্তিটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল । গহনা বিপনীখনৰ গৰাকীয়ে কোৱা মতে এবাৰ পৰিকল্পনাটো লোৱাৰ পাছতে তেওঁ শিল্পীসকলক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছিল ।
Comments