গুৱাহাটী, ১৯ জানুৱাৰী:ইণ্ডিয়া অপেনত ঘৰুৱা দৰ্শকৰ সন্মুখতে নিৰাশাজনক প্ৰদৰ্শন ভাৰতৰ। প্ৰাৰম্ভিকতে এইচ এছ প্ৰণয়, পি ভি সিন্ধু পৰাস্ত হোৱাৰ পিছত প্ৰথম ৰাউণ্ডতে এইবাৰ অভিযান সামৰিলে ভাৰতৰ শীৰ্ষ শ্বাটলাৰ কিদাম্বী শ্রীকান্তে। বিশ্বৰ শীৰ্ষস্থানৰ তাৰকা তথা বিশ্ব চেম্পিয়ন ভিক্টৰ এক্সেলছেনৰ হাতত পোনপটীয়া ছেটত ধৰাশায়ী হয় তাৰকা শাটলাৰগৰাকী। ৪১ মিনিট ধৰি চলা মেচখনত প্ৰণয়ক ২১-১৪, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে ভিক্টৰে। প্ৰথমটো ছেটত প্ৰণয় ১৪-৫ ব্যৱধানত আগবাঢ়ি আছিল যদিও চমকপ্রদ প্ৰত্যাৱৰ্তন কৰি ছেটটো জয় কৰে ডেনমাৰ্কৰ শীৰ্ষস্থানৰ তাৰকাগৰাকীয়ে।
আনহাতে, দ্বিতীয় ছেটত অনুৰূপ প্ৰদৰ্শনৰ সত্ত্বেও মেচখন ৰক্ষা কৰিব নোৱাৰিলে কিদাম্বীয়ে। আনহাতে, মহিলাৰ একক শাখাত সিন্ধুৰ অনাকাংক্ষিত পৰাজয়ৰ পিছত ভাৰতৰ আশা মালবিকা বনচোড আৰু আকর্ষি কাশ্যপো পোনপটীয়া ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ'বলগীয়া হয়। বি ডব্লিউ ঝাঙৰ হাতত ২১-১৫, ২১-১২ ব্যৱধানত বশ্যতা স্বীকাৰ কৰে আকৰ্ষিয়ে। আনহাতে, বনচোডে অংবামকংফানৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ২১-১৭, ২১-১২ ব্যৱধানত পৰাজয়ৰণ কৰে। ইফালে ভাৰতৰ তাৰকা পুৰুষ যুটি চিৰাগ ছেট্টী আৰু সাত্ত্বিক ছাইৰাজ ৰেংকীৰেড্ডীয়ে অন্তিম-১৬ৰ মেচৰ পূৰ্বে আঘাতৰ বাবে নাম প্রত্যাহাৰ কৰে। অন্যহাতে আজিৰ আন এখন মেচত ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰো অভিযান সমাপ্ত হয়। অন্তিম-১৬ৰ এখন মেচত আৰ গেমকেৰ হাতত ১৬-২১, ২১-১৫, ২১-১৮ ব্যৱধানত পৰাস্ত হয় লক্ষ্য।
Comments