Cartoon
View Older
গুৱাহাটী, ২৫ জানুৱাৰীঃ মঙলবাৰে নিশা গুৱাহাটীৰ বন বিভাগে চলোৱা এক অভিযানৰ সময়ত দুজন চোৰাং চিকাৰীক আটক কৰে। ঘটনা অনুসৰি, খানামুখ বন বিভাগৰ গুৱাহাটী ৰেঞ্জত অভিযান চলাই চোৰাং চিকাৰী দুজনক আটক কৰাৰ লগতে কেইবাটাও বন্যপ্ৰাণীৰ বহু শৰীৰৰ অংশ উদ্ধাৰ কৰা হয়। ইপিনে, চোৰাং চিকাৰী দুজন ক্ৰমে সন্তোষ কুমাৰ গুপ্তা আৰু সংগীত গুপ্তা বুলি চিনাক্ত কৰা হৈছে।
বন বিভাগে চোৰাং চিকাৰী দুজন পৰা বাঘ-শিয়াল আদিৰ হাড় মূৰ, দাঁত, নখ আদি উদ্ধাৰ কৰিছে।
Comments