গুৱাহাটী,২৫ জানুৱাৰী:মহিলা টি-২০ বিশ্বকাপৰ পূৰ্বে দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত অনুষ্ঠিত ত্রিদেশীয় শৃংখলাত বিজয়ধ্বজা অব্যাহত আছে ভাৰতীয় মহিলা দলৰ। দক্ষিণ আফ্ৰিকাৰ পিছত এইবাৰ শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই । ভাৰতীয় দলৰ দুই শক্তি স্মৃতি মান্ধানা আৰু হৰমন প্রীত কৌৰৰ দৰ্শনীয় বেটিঙৰ ফলস্বৰূপে ৫৬ ৰানত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় কেৰিবিয়ান বাহিনীয়ে।
বাফেলো পাৰ্কত অনুষ্ঠিত মেচখনত হৰমনপ্রীত বাহিনীয়ে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ দুটা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে চাৰিটা উইকেট হেৰুৱাই মাত্র ১১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই চমকপ্রদ প্ৰদৰ্শন কৰি ৫২ টা বলত অপৰাজিত ৭৪ ৰান সংগ্ৰহ কৰে। আনহাতে, শাৰীৰিক অসুস্থতাৰ পৰা সুস্থ হৈ উঠা হমনে ৩৫ টা বলত ৫৬ ৰানৰ বৰঙনি আগবঢ়ায়। দুয়োগৰাকী তাৰকা বেটছমেনৰ মাজত ১১৫ ৰানৰ অংশীদাৰিত্ব হয়। অৱশ্যে মেচখনত বিফল হয় য়াস্তিকা ভাটিয়া (১৮) আৰু হৰলিন দেৱল (১২)। ৱেষ্ট ইণ্ডিজৰ হৈ এটাকৈ উইকেট দখল কৰে শ্বানিকা ক্ৰচ আৰু কৰিশ্মা ৰামহাৰাকে।
ইফালে ১৬৮ ৰানৰ বৃহৎ লক্ষ্যৰে বেটিং কৰা কেৰিবিয়ান বাহিনীৰ আৰম্ভণিয়ে আছিল অত্যন্ত নিৰাশাজনক। অপেনাৰ ব্রিটনী কুপাৰ কোনো ৰান নকৰাকৈ আউট হয়। ৰাশ্বাদা উইলিয়ামছ, শ্বাবিকা গাজনাবিয়ো বৰ বেছি দেৰি ক্ৰীজত তিষ্ঠিব নোৱাৰিলে। ৱেষ্ট ইণ্ডিজৰ হৈ চিমাইনী কেম্পবেলে ৪৭ আৰু হেইলী মেথিউজে ৩৪ ৰানৰ বৰঙনি আগবঢ়ায়। ভাৰতৰ হৈ দীপ্তি শৰ্মাই সর্বাধিক দুটা উইকেট দখল কৰে। অনবদ্য বেটিঙৰ বাবে স্মৃতি মান্ধানাই প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে।
Comments