গুৱাহাটী,২৫ জানুৱাৰী:সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ ‘আটাছু’ৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু মৰাণ অইল ইণ্ডিয়াবাসী ৰাইজৰ সহযোগত অহা ৩১ জানুৱাৰীত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰাণ অইল ইণ্ডিয়াস্থিত চ্যাও-চেং-ৰেন প্ৰাংগণত মে-ডাম - মে-ফীৰ আয়োজন কৰিছে। কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে মৰাণ তৈলক্ষেত্ৰৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া পৰাগ প্ৰতীম মহনক মুখ্য ব্যৱস্থাপক, পুষ্প গগৈক সভাপতি আৰু গকুল গগৈ, নৃপেন গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে আটাছু আৰু উদ্যাপন সমিতিৰ পতাকা উত্তোলন কৰা হ'ব।
ইয়াৰ পিছতে টাই আহোম জাতীয় সংগীত পৰিৱেশনৰ অন্তত মৈদাম তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ যুটীয়া সম্পাদকদ্বয়ে। এই কাৰ্যসূচীৰ অন্তত টাই আহোমৰ অন্যতম মাংগলিক কার্যসূচী আই চিং লাও অনুষ্ঠিত হ'ব। পুৱা ৯.৩০ বজাত গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশগ্রহণ কৰিব মৰাণ তৈলক্ষেত্ৰ (পশ্চিম সম্পদ)ৰ মুখ্য মহাপ্রবন্ধক সৃষ্টি দাসে।
১০ বজাত পূজা আৰম্ভৰ পিছত দুপৰীয়া মে-ডাম-মে-ফীৰ বিষয়ত এক আলোচনা-চক্র অনুষ্ঠিত হ'ব। পাটসাঁকো মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মুকুল চেতিয়াই আলোচক হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত সংগঠনটোৰ বহুকেইজন কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকিব। বিয়লি এক প্রীতিভোজেৰে অনুষ্ঠান সামৰণি পৰিব। আনহাতে, ২৩ জানুৱাৰীত সম্পূর্ণ টাই আহোম ৰীতি-নীতিৰে এক লাইখুঁটা স্থাপন কৰা হয়। অনুষ্ঠানত মৰাণ তৈলক্ষেত্ৰৰ মুখ্য মহাপ্রবন্ধক সৃষ্টি দাস, উদ্যাপন সমিতিৰ মুখ্য ব্যৱস্থাপক পৰাগ প্ৰতীম মহন, মৰাণ তৈলক্ষেত্ৰৰ খনন বিভাগৰ প্ৰবন্ধক উৎপল কুমাৰ দলে, প্ৰবন্ধক মিহিৰ প্ৰাঞ্জু, অসামৰিক বিভাগৰ অভিযন্তা লক্ষ্যজ্যোতি চুতীয়া, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক উত্তম বৰুৱা আৰু সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিৰুত্তম ফুকন উপস্থিত থাকে। উল্লেখ্য যে ‘আটাছু’ৰ মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মে-ডাম-মে-ফী অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে সংগঠনটোৰ লগতে উদযাপন সমিতিয়ে।
Comments