গুৱাহাটী,২৫ জানুৱাৰী:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৭৮২ নং গৰৈমাৰী মদেৰগুৰি প্রাথমিক বিদ্যালয় আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৪ জানুৱাৰী তাৰিখে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়।
উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰ দুটাত প্রায় ৯ শতাধিক লোকক সাধাৰণ স্বাস্থ্য পৰীক্ষা, শিশু তথা মাতৃৰ ছিটাকৰণ, ক’ভিড-১৯ৰ ছিটাকৰণ, আয়ুষ্মান ভাৰত হেল্থ একাউন্ট (মধুমেহ / উচ্চ ৰক্তচাপ/কৰ্কট ৰোগ)ৰ পৰীক্ষাৰ লগতে মেডিচিন, কাণ, নাক, ডিঙি, চকু, দাঁত, স্ত্ৰীৰোগ, শিশুক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্রদান কৰাৰ লগতে কুষ্ঠ ৰোগ, যক্ষ্মা, মানসিক স্বাস্থ্য, বীজাণুনাশক ৰোগ আৰু চৰকাৰৰ বিভিন্ন সজাগতামূলক আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়।
Comments