গুৱাহাটী, ২৫ জানুৱাৰীঃ বুধবাৰে গুৱাহাটীৰ ফেঞ্চি বজাৰৰ এখন হোটেলৰ কোঠাৰ ভিতৰৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উক্ত ঘটনাটো ফেন্সি বজাৰৰ মাজমজিয়াত অৱস্থিত হোটেল ৰাজহংসত সংঘটিত হৈছে।
তথ্য অনুসৰি, মহিলাগৰাকী আৰু তেওঁৰ স্বামী ১৪ জানুৱাৰীৰ পৰা হোটেলখনত আছিল আৰু কোঠাটোৰ পৰা খুব কমেই ওলাই আহিছিল। ইপিনে, হোটেল কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি, কোঠাটো মঙলবাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল, যাৰ ফলত হোটেল কৰ্তৃপক্ষৰ মনত সন্দেহৰ সৃষ্টি হয়। পিছত মাষ্টাৰ চাবিৰে কোঠাটো খোলাৰ পিছত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। সন্দেহ কৰা হৈছে যে মহিলাগৰাকীক তেওঁৰ স্বামীয়ে হত্যা কৰিছে, কিয়নো মৃতদেহটো উদ্ধাৰ হোৱাৰ সময়ত মহিলাগৰাকীৰ স্বামী পলাতৰ অৱস্থাত আছে। ভুক্তভোগী মহিলাগৰাকী তাজনিমা খাতুম বুলি চিনাক্ত কৰা হৈছে।পিছত, হত্যাকাণ্ডৰ বিষয়ে তথ্য লাভ কৰি স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰৱৰ্তী অনুসন্ধান চলাই আছে।
Comments