গুৱাহাটী,২৫ জানুৱাৰী:চুতীয়া যুৱ সন্মিলন, অসমৰ মহাৰজত জয়ন্তী উপলক্ষে ২৭,২৮ আৰু ২৯ জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে ৰহাত সাংস্কৃতিক যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰহাৰ টোপাকুছিত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ২৭ জানুৱাৰীত পুৱা মূল তোৰণ উন্মোচন, ক্ষেত্ৰ উন্মোচনৰ পিছতে ১০ বজাত পতাকা উত্তোলন কৰিব চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি মোহন চন্দ্ৰ শইকীয়াই । ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াই। দিনৰ ১১ বজাত দেওকুবেৰৰ পূজা আৰু ১১.৩০ বজাত দেউৰী চুতীয়া ভাষা কৰ্মশালা অনুষ্ঠিত হ'ব। ১২ বজাত মূল মঞ্চ উদ্বোধন আৰু ১২.৩০ বজাত চুতীয়া যুৱ সন্মিলন, অসমৰ ন-পুৰণি সতীৰ্থ আৰু চুতীয়া জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিৰ চিন্তন বৈঠক অনুষ্ঠিত হ'ব। সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, ২৮ জানুৱাৰীত দিনৰ ১০ বজাত বন্তি প্ৰজ্বলন আৰু ১১.৩০ বজাত জনগোষ্ঠীয় সন্মিলন অনুষ্ঠিত হ'ব। চুতীয়া যুৱ সন্মিলনৰ কাৰ্যকৰী সভাপতি নৃপেন খনিকৰৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া সন্মিলনখনত দেউৰী-চুতীয়া সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি কিশোৰ দেউৰী উদ্বোধক হিচাপে উপস্থিত থকাৰ লগতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোত অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দই অংশগ্রহণ কৰিব।
সন্ধিয়া ৬.৩০ বজাত চুতীয়াৰ স্বৰ্ণিল আভা' শীর্ষক তথ্য চিত্র প্রদর্শন আৰু ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ২৯ জানুৱাৰীত পুৱা চাফাই অভিযানৰ পিছতে ৯-৩০ বজাত সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব শিল্পী কৃষ্ণমণি চুতীয়াই। দুপৰীয়া ১ বজাত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত সাদিন প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা স্মৃতিগ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থকাৰ উপৰি কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, মন্ত্ৰী বিমল বৰা, বিশিষ্ট চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰা, সাংসদ প্ৰদান বৰুৱা, প্ৰদ্যুৎ বৰদলৈ, তপন গগৈ, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত শিল্পী নীল আকাশে গীত পৰিৱেশন কৰিব। ইতিমধ্যে মহোৎসৱৰ বাবে প্ৰস্তুতি তুংগত উঠিছে।
Comments