গুৱাহাটী,২৫ জানুৱাৰী:দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত অৱশেষত ছবিগৃহলৈ আহিল 'পাঠান' । সমগ্ৰ দেশৰ লগতে অসমৰো ছবিগৃহত মুক্তি লাভ কৰিলে বিতৰ্কিত বোলছবিখনে । ৰাজ্যৰ দৰ্শকসকলৰ মাজত ছবিখনক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । সকলো বিতৰ্ক একাষৰীয়া কৰি পুৱাই ছবিখন উপভোগ কৰিবলৈ দলে-বলে ওলাই আহিল দৰ্শক ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ ৰংঘৰ ছবিগৃহত পুৱাৰে পৰা দেখা গৈছে দীঘলীয়া শাৰী । পুৱা ১০ বজাৰ লগে লগে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকে ভিৰ কৰিলে ৰংঘৰ ছবিগৃহ । সকলোৰে মুখত কেৱল এটাই কথা, "পাঠান চোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে"। সেয়ে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ শ্বাহৰুখ খানৰ অনুৰাগীয়ে ভিৰ কৰিলে ছবিগৃহত ।
ছবিখনক লৈ বহু বিতৰ্ক চলি আছিল যদিও তিনিচুকীয়াৰ ৰংঘৰ ছবিগৃহত শান্তিপূৰ্ণভাৱে প্ৰথম দৰ্শনী সমাপ্ত হয় । ছবিখনৰ প্ৰথম দৰ্শনী উপভোগ কৰি আনন্দিত শ্বাহৰুখ খানৰ অনুৰাগী । ব্যাপক উছাহৰ মাজতে একাংশ দৰ্শকে আকৌ ক'লে, 'এছআৰকে জিন্দাবাদ' । সকলো ফালৰ পৰাই ছবিখনে দৰ্শকক আকৰ্ষিত কৰিব পাৰিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ দৰ্শকে ।
Comments