গুৱাহাটী, ২৫ জানুৱাৰীঃ বহুতো বিতৰ্কৰ অন্তত বুধবাৰে দেশৰ সকলো চিনেমা হ'লত শ্বাহৰুখ খান অভিনিত ছবি পাঠানে মুক্তি লাভ কৰিছে। সিদ্ধাৰ্থ আনন্দৰ পাঠানৰ সৈতে চাৰি বছৰৰ পিছত শ্বাহৰুখে চিনেমাৰ পৰ্দালৈ উভতি আহিছে, লগতে দীপিকা পাডুকন, জন আব্ৰাহাম, ডিম্পল কাপাডিয়া আৰু আশুতোষ ৰাণা অভিনীত এই ছবিখন ৱাইআৰএফৰ গুপ্তচৰ ব্ৰহ্মাণ্ডৰ এটা অংশ। শ্বাহৰুখে আগতে নিশ্চিত কৰিছে যে দুয়োজন অভিনেতাই সিদ্ধাৰ্থ আনন্দ চলচ্চিত্ৰৰ বাবে একেলগে দৃশ্যগ্ৰহণ কৰিছে।
পাঠান চিনেমা চাবলৈ বহুসংখ্যক অনুৰাগীয়ে আগতীয়াকৈ বেছিকৈ ধন দি টিকট সংগ্রহ কৰিছে। কিছুসংখ্যক শ্বাহৰুখৰ অনুৰাগীয়ে কেইবাটাও টিকট ক্ৰয় কৰাও পৰিলক্ষিত হৈছে। ইয়াৰ লগতে চিনেমাখনত শ্বাহৰুখৰ আগমনৰ লগ লগে দেশৰ চিনেমা হ'লসমূহ মিনি ষ্টেডিয়ামলৈ পৰিণত হৈছে, শ্বাহৰুখৰ অভিনয়ক লৈ সকলোৱে উল্লাস কৰিছে। বৰ্তমান চিনেমা প্ৰেমীসকলে আশা কৰিছে যে, শ্বাহৰুখৰ এই পাঠান ছবিয়ে ব্যাপক খলকনি তুলিবলৈ সক্ষম হ'ব।
Comments