Cartoon
View Older
গুৱাহাটী,২৪ জানুৱাৰী:দেশ মাতৃৰ হকে সেৱা আগবঢ়াই সীমান্তত কৰ্তব্যৰত হৈ থাকি শ্বহীদ হ’ল অসমৰ এগৰাকী বীৰ সেনা বিষয়া।লাডাখৰ প্ৰচণ্ড শীত প্ৰবাহত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয় সেনা বিষয়া জাইখলং মুছাহাৰীয়ে।
উল্লেখ্য যে, ওদালগুৰি জিলাৰ টংলা নগৰৰ বানশেৰীয়াৰ প্ৰয়াত আনাৰাম মুছাহাৰী আৰু লহৰী মুছাহাৰীৰ পুত্ৰ জাইখলং মুছাহাৰী (৪৪) ভাৰতীয় সেনাত যোগদান কৰি সম্প্ৰতি পেৰা ৩১নং ৰাষ্ট্ৰীয় ৰাইফলছৰ জুনিয়ৰ কমিছনড অফিচাৰ হিচাপে কৰ্তব্যৰত হৈ আছিল।কিন্তু লেহত সেনা বিষয়াগৰাকী কৰ্তব্যৰত হৈ থকা সময়তে প্ৰচণ্ড শীতৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লয় জাইখলং মুছাহাৰীয়ে।
ইফালে সোমবাৰে সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।সামৰিক মৰ্যাদাৰে জন্মভূমিত অলেখ লোকৰ উপস্থিতিত শেষ বিদায় জনোৱা হয় শ্বহীদ বীৰ সেনা বিষয়াগৰাকীক।
Comments