গুৱাহাটী, ২৪ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ অভিনেত্ৰী আথিয়া চেট্টীয়ে তিনি বছৰ ধৰি ডেটিং কৰি অৱশেষত ২৩ জানুৱাৰী ২০২৩ ত খাণ্ডালাৰ সুনীল চেট্টীৰ বিলাসী ফাৰ্মহাউচত বিবাহ পাশত আৱদ্ধ হয়। ইয়াৰ লগকে শেহতীয়াকৈ কে এল ৰাহুলৰ বিলাসী সম্পদৰ এখন তালিকা ভাইৰেল হৈ পৰিছে, য'ত অন্তৰ্ভুক্ত আছে বেংগালুৰুৰ এটা সুন্দৰ ঘৰ, গাড়ী, ঘড়ী আৰু বহুতো।
সূত্ৰ অনুসৰি, মুম্বাইত ৪টা কোঠাৰ সাগৰমুখী এটা আড়ম্বৰপূৰ্ণ বাংলোৰ গৰাকী কে এল ৰাহুলৰ বাংগালুৰুতো ৬৪ লাখ টকাৰ বিলাসী ঘৰ আছে। বেনচন টাউনত অৱস্থিত, ঘৰটোৰ ভিতৰভাগ পাতল ৰঙৰ দেৱাল আৰু আধুনিক আনুষঙ্গিক সামগ্ৰীৰ সৈতে সজোৱা হৈছে। ইয়াৰ লগতে ক্ৰিকেটাৰ গৰাকীৰ ৩.৫৪ কোটি টকাৰ লেম্বৰ্গিনি হুৰাকেন স্পাইডাৰ নামৰ বিলাসী বাহন আছে। এই সকলোবোৰ মিলি তেওঁৰ মুঠ ৭৫ কোটি টকাৰ বৃহৎ সম্পত্তি আছে।
ইপিনে, বিচিচিআই, আই পি এল আৰু ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টৰ সৈতে কৰা চুক্তিৰ পৰা বছৰি ১৭ কোটি টকা উপাৰ্জন কৰা কে এল ৰাহুলৰ ওচৰত এষ্টন মাৰ্টিন ডিবি-১১ বাহনখনো আছে, যাৰ ব্যয় ৩.৮০ কোটিৰ পৰা ৪ কোটি টকাৰ ভিতৰত হ'ব। তেওঁ ২.৭২ কোটি টকাৰ অডি আৰ-৮ আৰু ৮৯.৪১ লাখ টকাৰ ৰেঞ্জ ৰোভাৰ ভেলাৰ ক্ৰয় কৰিছে। আনহাতে, কে এল ৰাহুলৰ ঘড়ীৰ সংগ্ৰহত অন্তৰ্ভুক্ত আছে ২৭ লাখ টকা মূল্যৰ ৰ'লেক্স ডে-ডেট, ৩৭.৫ লাখ টকাৰ পেটেক ফিলিপ নাটিলাছ।
Comments