গুৱাহাটী,২৪ জানুৱাৰী:জোঙাল বলহুৰ দেশত মঙলবাৰে অনুষ্ঠিত হৈছে শাসকীয় বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক । এই কাৰ্যনিৰ্বাহকত মূলতঃ ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সন্দৰ্ভতে আলোচনা হ'ব । ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত লোৱা সিদ্ধান্তসমূহৰ বিষয়ত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰাৰ বিষয়ে সদৰী কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
একেদৰে আগন্তুক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভতো মঙলবাৰৰ মৰিগাঁও কাৰ্যনিৰ্বাহক সভাতেই আলোচনা কৰিব । আনহাতে, নলবাৰীৰ বিধায়ক তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য কৰে । এতিয়া ৰাইজৰ আগত দুয়োটা দলৰ মাজত সু-সম্পৰ্ক নাই বুলি ক'লেও কংগ্ৰেছৰ ঔৰসতে এআইইউডিএফৰ জন্ম বুলি কটাক্ষ কৰে জয়ন্ত মল্লবৰুৱাই ।
লগতে আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে ১৪ খন আসনৰ ভিতৰত আটাইকেইখনতেই জয় নিশ্চিত বুলি ঘোষণা কৰি তেওঁ কয় যে ১২ খন আসনত বিজেপিৰ বিজয় হোৱাটো খাটাং । উল্লেখযোগ্য যে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিজেপিৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক । ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ এই কাৰ্যনিৰ্বাহক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি জনায় ।
Comments