Cartoon
View Older
গুৱাহাটী, ২৪ জানুৱাৰীঃ মঙলবাৰে মণিপুৰ বিজেপিৰ সাধাৰণ সম্পাদক লাইশ্ৰাম ৰমেশৱাৰ সিঙক থৌবাল জিলাত কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। সূত্র অনুসৰি, সিঙক পুৱা প্ৰায় ১১ বজাত থৌবাল ক্ষেত্ৰী লেইকাইত থকা নিজ বাসগৃহতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। অস্ত্ৰধাৰী দুৰ্বৃত্তই বিজেপি নেতাজনৰ ঘৰত প্ৰৱেশ কৰি আৰু গুলীচালনা কৰে।
বিজেপি নেতাজনৰ বুকুত গুলী লগাত পিছত ততাতৈয়াকৈ লগে ইম্ফলৰ ৰাজ মেডিচিটি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত আঘাতপ্ৰাপ্ত অৱস্থাতে নেতাজনৰ মৃত্যু হয়।বৰ্তমান এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু দুৰ্বৃত্তক আটক কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Comments