গুৱাহাটী,২৪ জানুৱাৰী:প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী বাহিনীক অধিক সংবেদনশীল কৰি তোলা আৰু নতুন প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰামৰ্শ আগবঢ়াইছে। মোদীয়ে বিভিন্ন সংস্থাৰ মাজত তথ্যৰ আদান-প্ৰদান সুগম কৰি তোলাৰ বাবে ৰাষ্ট্ৰীয় তথ্য নিয়ন্ত্ৰণ পৰিকাঠামোত গুৰুত্ব আৰোপ কৰে।
নতুন দিল্লীত আয়োজিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ ৫৭সংখ্যক সৰ্বভাৰতীয় সন্মিলনৰ শেষৰ দুদিনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে আমি বায়'মেট্ৰিকৰ দৰে প্ৰযুক্তি আঁকোৱালি লোৱাৰ লগতে আৰু টহলদাৰী পহৰাৰ লেখিয়া পৰম্পৰাগত আৰক্ষী ব্যৱস্থাও অধিক শক্তিশালী কৰা উচিত। তেওঁ লগতে ইতিমধ্যে অপ্ৰাসংগিক হৈ পৰা আওপুৰণি ফৌজদাৰী আইনসমূহ বাতিল আৰু সকলো ৰাজ্যৰ আৰক্ষী সংস্থাসমূহৰ বাবে মান নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ আগবঢ়ায়। কাৰাগাৰ ব্যৱস্থাপনা উন্নত কৰাৰ বাবে মোদীয়ে কাৰাগাৰ সংস্কাৰৰো পৰামর্শ দিয়ে।
প্রধানমন্ত্রীয়ে লগতে বিষয়াসকলৰ সঘন ভ্ৰমণৰ ব্যৱস্থা কৰি সীমান্ত আৰু উপকূলীয় অঞ্চলৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বিষয় লৈ আলোচনা কৰে। মোদীয়ে ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধি আৰু অভিজ্ঞতাৰ আদান-প্ৰদানত গুৰুত্ব আৰোপ কৰে।
নতুন প্ৰত্যাহ্বান আৰু ভাল অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰাৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ সন্মিলনৰ দৰে ৰাজ্যিক আৰু জিলা পৰ্যায়ত আৰক্ষী বিষয়াৰ সন্মিলন আয়োজন কৰাৰ পৰামৰ্শ তেওঁ আগবঢ়ায়৷ সন্মিলনৰ অন্তত প্রধানমন্ত্ৰীয়ে বিশিষ্ট সেৱাৰ বাবে আৰক্ষী পদক প্ৰদান কৰে। তিনিদিনীয়া এই সন্মিলনত সন্ত্রাসবাদ প্রতিহতকৰণ, উগ্রবাদ প্ৰতিৰোধী ৰণনীতি তথা চাইবাৰ সুৰক্ষাকে ধৰি আৰক্ষী ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন দিশক লৈ আলোচনা কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী, গৃহ ৰাজ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা, কেন্দ্ৰীয় গৃহ সচিব, বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান-মহাপৰিদৰ্শক আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুৰববীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন পৰ্যায়ৰ ৬০০ৰো বিষয়াই ভার্চুৱেল ব্যৱস্থাৰে এই সন্মিলনত ভাগ লয়।
Comments