তালাপ, ২৪ জানুৱাৰী : চৰকাৰৰ নগৰ ও গাঁও পৰিকল্পনা বিভাগৰ ডিব্ৰুগড়ৰ উপ সঞ্চালক, ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া আৰু ডুমডুমাৰ পৌৰপতিৰ সমূহীয়া আহ্বানত ডুমডুমাৰ মাৰোৱাৰী পঞ্চায়তী ভৱনত আজি ডুমডুমা সৰ্বাঙ্গীন পৰিকল্পনা(মাষ্টাৰ প্লেন) বিষয়ক এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
বিশিষ্ট নাগৰিক অৰ্জুন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত নগৰ ও গাঁও পৰিকল্পনা বিভাগ, ডিব্ৰুগড়ৰ উপ সঞ্চালক বিশ্বজিৎ ভূঞাই সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰি অহা ১৮ বছৰৰ বাবে (২০৪১ চনলৈ) ডুমডুমাৰ বাবে প্ৰস্তুত কৰা সৰ্বাঙ্গীন পৰিকল্পনাৰ এটা আভাস দাঙি ধৰে । ডুমডুমা চহৰ(মাটিকালি ৪.৩ বৰ্গ কিলোমিটাৰ) আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৮ খন গাঁও আৰু ২০ খন চাহ বাগিচা(মাটিকালি ৫৪.৩ বৰ্গ কিলোমিটাৰ)ক সামৰি(সৰ্বমুঠ মাটিকালি ৫৮.৬ বৰ্গ কিলোমিটাৰ) নগৰ ও গাঁও পৰিকল্পনা বিভাগে প্ৰস্তুত কৰা পৰিকল্পনাটোৰ সংক্ষিপ্ত বিৱৰণ পাৱাৰ পইন্ট যোগে উপস্থিত ৰাইজক প্ৰত্যক্ষ কৰায় । আলোচনাৰ অন্তত আজিৰ সভাই সৰ্বাঙ্গীন পৰিকল্পনাটোত সৰ্বসন্মতিক্ৰমে প্ৰাথমিক অনুমোদন দি প্ৰস্তাৱ গ্ৰহণ কৰে ।
ডুমডুমাৰ বিধায়ক তথা সভাখনৰ বিশিষ্ট অতিথি ৰূপেশ গোৱালাই পৰিকল্পনাটো সন্দৰ্ভত কিছু ব্যাখ্যা আগবঢ়োৱাৰ লগতে ডুমডুমাত নিৰ্মাণ কৰি থকা অতিথিশালা আৰু অন্যান্য উন্নয়নমূলক কামৰ এটি বিৱৰণ তেওঁৰ বক্তব্যত দাঙি ধৰে । সভাখনত ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া তথা ডুমডুমা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰণনময় ভৰদ্বাজ আৰু ডুমডুমাৰ পৌৰপতি কান্তা ভট্টাচাৰ্যয়ো পৰিকল্পনা সম্পৰ্কে বক্তব্য আগবঢ়ায় ।
ৰাইজৰ ফালৰ পৰা ক্ৰমে বীৰেন কোঁৱৰ, পদ্মজিৎ মৰাণ, বীৰেন্দ্ৰ হাজৰিকা, শচীন পাটনায়ক, প্ৰতীম নেওগ, যোগেশ্বৰ নন্দ, সত্যেন বুঢ়াগোঁহাই, শঙ্কৰ দাস, প্ৰকাশ দত্ত, ধৰ্মেশ্বৰ বড়া আৰু মৃগেন শইকীয়াই গঠনমূলক বক্তব্য আগবঢ়ায় । বীৰেন্দ্ৰ হাজৰিকাই ডুমডুমা নগৰৰ বাহিৰৰ ৰূপাই চহৰ অঞ্চলৰ জাবৰ-জোথৰবোৰ পৰিস্কাৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ আঁত ধৰি কাৰ্যবাহী বিষয়া ৰণনময় ভৰদ্বাজে কয় যে এই বিষয়ে পৌৰসভাত আলোচনা কৰি যতদূৰ সম্ভৱ দুসপ্তাহত এদিন ৰূপাই অঞ্চল চাফ-চিকুণ কৰাৰ যত্ন কৰিব ।
প্ৰকাশ দত্তই কয় যে ডুমডুমা পৌৰসভাত ৰূপাই অঞ্চল অন্তৰ্ভুক্ত হ'ব বুলি ভুল বুজি তাৰ ৰাইজে সভা অনুস্থিত কৰি প্ৰতিবাদ কৰিছিল যদিও আজিৰ সভাত এই সৰ্বাঙ্গীন পৰিকল্পনাত তেনে কথা কাৰ্যকৰী হোৱাৰ কোনো আঁচনি নাই বুলি জানিব পাৰি প্ৰতিবাদী কাৰ্যসূচীৰ ইমানতে অন্ত পৰা বুলি ঘোষণা কৰে । সভাখনৰ আঁত ধৰে ডুমডুমা পৌৰসভাৰ সহকাৰী অভিযন্তা নিৰোদ ডেকাই ।
Comments