গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰী ঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বিগত বৰ্ষত অসম আৰক্ষীৰ সাহসী বিষয়া-জোৱানসকলৰ ঘটনাৰাজিৰে প্ৰকাশ কৰা দুৰ্জেয় চিপাহী নামৰ গ্ৰন্থখন এইবাৰ হিন্দী ভাষাত প্ৰকাশ পাইছে৷
নতুন দিল্লীত দেশৰ সকলো ৰাজ্যৰ উপস্থিতিত অনুষ্ঠিত ৰাষ্ট্ৰীয় ডি জি পি সন্মিলনত দুৰ্জেয় চিপাহীৰ হিন্দী সংস্কৰণ অজেয় চিপাহী নামেৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ উল্লেখযোগ্য যে বিভিন্ন ঘটনাত গুলী আৰু বোমাৰ স্পি্লণ্টাৰৰ আঘাতত আহত হোৱা ৰাইজৰ ৬১জন আৰক্ষীৰ জীয়া ঘটনাৰে সমৃদ্ধ দুৰ্জেয় চিপাহী যোৱা বছৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল৷
ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে এই গ্ৰন্থখনত উল্লিখিত গুৰুতৰভাৱে আহত হোৱাৰ পাছতো অসম আৰক্ষীৰ বীৰ বিষয়া-জোৱানসকলে স্বাভাৱিক জীৱনযাত্ৰা চলাই যোৱাৰ বাবে কৰা সংগ্ৰামৰ কথা দেশৰ প্ৰতিটো অংশতে উপলব্ধ কৰাৰ পোষকতা কৰিছিল৷
তাৰ পাছতে গ্ৰন্থখন হিন্দীলৈ অনুবাদ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ ৰবি শংকৰ ৰবিয়ে হিন্দী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম অজেয় চিপাহী দিয়া হৈছে৷ এই গ্ৰন্থখনেই কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় ডি জি পি সন্মিলনত আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাৰ উপস্থিতিত দেশৰ সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলে একেলগে উন্মোচন কৰে৷
অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে কালি এই গ্ৰন্থখনৰ কথা জানিব পাৰি দেশৰ সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালকসকল উৎসাহী হৈ পৰিছে৷ তেওঁলোকে এই কথা আজিলৈকে চিন্তা নকৰাৰ কথাও উল্লেখ কৰে৷ অসমৰ চিপাহীৰ বীৰগাথা অন্য ৰাজ্যতো প্ৰচাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে তেওঁ আনন্দিত হোৱা বুলিও প্ৰকাশ কৰে৷
লগতে অসমৰ বীৰ জোৱানৰ ঘটনাৰে উৎসাহিত হৈ জম্মু-কাশ্মীৰৰ ডি জি পিজনে সেই ৰাজ্যৰ বীৰ আৰক্ষীৰ ঘটনাৰেও গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰাৰ কথা সদৰী কৰে ভাস্কৰজ্যোতি মহন্তই৷
Comments