নতুন দিল্লী, ২৪ জানুৱাৰী ঃ এছ ৰাজামৌলীৰ চলচ্ছিত্ৰ ‘আৰ আৰ আৰ’ৰ ‘নাটু নাটু’ গীতটোৱে অস্কাৰ ২০২৩-ৰ শ্ৰেষ্ঠ মৌলিক গীত শিতানলৈ মনোনয়ন লাভ কৰিছে৷ আজি ২৪ জানুৱাৰীত অস্কাৰৰ মনোনয়ন ঘোষণা কৰা হৈছে৷ উল্লেখযোগ্য যে এই গীতটোৱে গ’ল্ডেন গ্ল’ব বঁটাও লাভ কৰিছিল৷ ‘আৰ আৰ আৰ’ৰ সংগীত পৰিচালক হৈছে এম কিৰাৱাণী৷
ভাৰতলৈ প্ৰথম গ’ল্ডেন গ্ল’ব বঁটা অনাৰ পাছত ‘নাটু নাটু’-এ অস্কাৰৰ মনোনয়ন লাভেৰে পুনৰ ভাৰতক গৌৰৱান্বিত কৰিলে৷ এই শিতানত মনোনয়ন লাভ কৰা আনকেইটা গীত হৈছে, ‘এপ্লজ [টেল ইট লাইক এ ৱ’মেন], হ’ল্ড মাই হেণ্ড [টপ গান মেভেৰিক], লিফট মি আপ [ব্লেক পেথাৰ ৱাকাণ্ডা ফৰএভাৰ] আৰু দিজ ইজ এ লাইফ [এভৰিথিং এভৰিহোৱেৰ এল এট ৱানছ]৷
ইফালে, অস্কাৰ ২০২৩ বা ৯৫সংখ্যক একাডেমি এৱাৰ্ডৰ বাবে ভাৰতৰ আনুষ্ঠানিক চিনেমা চেল্ল’ শ্ব’ [লাষ্ট পিকচাৰ শ্ব’]-এ মনোনয়ন লাভ কৰিবলৈ বিফল হ’ল৷ অৱশ্যে এই বছৰ ভাৰতৰ বাবে গৌৰৱৰে বছৰ, কাৰণ তিনিটা শিতানত ভাৰতে মনোনয়ন লাভ কৰিছে৷
‘নাটু নাটু’ৰ উপৰি শ্ৰেষ্ঠ কাহিনীমূলক তথ্যচিত্ৰ শিতানত ‘অল দেট ব্ৰীথছ’ [পৰিচালক শৌনক সেন] আৰn ¸শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ শিতানত ‘দ্য এলিফেণ্ট হুইছপাৰ’-এ [কাৰ্তিকী গনছালভেজ] মনোনয়ন লাভ কৰিছে৷ উল্লেখযোগ্য যে ১২ মাৰ্চত লছ এঞ্জেলছত ৯৫সংখ্যক একাডেমি এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ’ব৷
Comments