গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰী ঃ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগতে দুগ্ধ উন্নয়ন বিভাগৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা পুঁজিৰ এতিয়ালৈ কিমান ব্যৱহাৰ হ’ল, ব্যৱহৃত পুঁজিৰ জৰিয়তে কিমান পৰিমাণৰ কাম সম্পন্ন হ’ল সেই বিষয়ক লৈ বিভাগীয় মন্ত্ৰী অতুল বৰা আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়৷
জনতা ভৱনত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ব্যৱহৃত পুঁজি সন্দৰ্ভত বিতং আলোচনা কৰি সময়ত আঁচনিসমূহৰ ৰূপায়ণ সম্পন্ন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে কল্যাণকামী আঁচনিসমূহ সময়ত ৰূপায়ণ হ’লেহে পশুপালক বা কৃষকসকল তাৰ পৰা উপকৃত হ’ব৷
অন্যথা পুঁজিৰ অপব্যৱহাৰ হোৱাৰ আশংকা ব্যক্ত কৰি বিষয়াসকলক নিজৰ নিজৰ দায়িত্ব নিয়াৰিকৈ আৰু নিৰ্ধাৰিত সময়ত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে৷ জীৱ-জন্তুৰ সঠিক চিকিৎসা সু-নিশ্চিত কৰাৰ বাবে আধুনিক আন্তঃগাঁথনিৰ সৈতে পোহনীয়া জন্তুৰ চিকিৎসালয় আৰু পশু চিকিৎসা কেন্দ্ৰসমূহৰ নিৰ্মাণকাৰ্য ক্ষিপ্ৰ গতিত সম্পন্ন কৰিবলৈও বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে৷
জীৱ-জন্তুৰ টিকাকৰণ অভিযান আৰু ঔষধৰ উপলব্ধতা সন্দৰ্ভত মন্ত্ৰী বৰাই বুজ লৈ সকলো জিলাতেই ঔষধৰ নাটনি নোহোৱাৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে৷ উল্লেখযোগ্য যে বাৰিষা কালত কিছুমান জিলাত ঔষধৰ নাটনি হোৱাৰ
লগতে কিছু সংখ্যক পশু চিকিৎসালয়ত এতিয়া ঔষধৰ নাটনি হৈ থকা বুলি উত্থাপিত হৈ অহা অভিযোগ সন্দৰ্ভত মন্ত্ৰী বৰাই বিভাগীয় বিষয়াসকল কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইফালে, দুগ্ধ উন্নয়ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ খৰতকীয়া কৰিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে৷
Comments