বৰপেটাৰ বিশেষ সংবাদদাতা আৰু চেঙাৰ নিজা বাতৰি দিওঁতা, ২৪ জানুৱাৰী ঃ দেশজুৰি গণৰাজ্য দিৱস পালনৰ কুচকাৱাজ চলি থকাৰ সময়তে বৰপেটা জিলাৰ বহৰিত আজি জেহাদীৰ ভাবুকি-পত্ৰ উদ্ধাৰৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আপত্তিজনক ভাবুকি-পত্ৰসমূহ জব্দ কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি, ব্ৰহ্মপুত্ৰ নৈৰ গাতে লাগি থকা বহৰি বুনাগোসাঁই থানত কোনো দুবৃৰ্ত্তই নিশা মন্দিৰটোৰ তোৰণৰ তলত আৰু থান চৌহদত জেহাদীৰ নামত ১৯খন ভাবুকি-পত্ৰ পেলাই থৈ যায়৷
আজি পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে এই ভাবুকি-পত্ৰকেইখন প্ৰত্যক্ষ কৰি লগে লগে থান পৰিচালনা সমিতিক অৱগত কৰে৷ এই খবৰ লাভ কৰাৰ পাছতে বহৰি সত্ৰৰ সভাপতি কিৰণ মেধি, থানখনৰ সভাপতি দেৱেশ্বৰ তালুকদাৰ, সম্পাদক লংকেশ্বৰ দাসৰ লগতে থান পৰিচালনা সমিতি আৰু স্থানীয় বহৰি সত্ৰবাসী ঘটনাস্থলীত উপস্থিত হৈ তাৰাবাৰী আৰক্ষীক খবৰ দিয়ে৷
কিছু সময় পাছতে বহৰিস্থিত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পালাল ভট্টাচাৰ্যৰ নেতৃত্বত আৰক্ষী বাহিনী থানখনত উপস্থিত হৈ ভাবুকি-পত্ৰসমূহ জব্দ কৰি লৈ যায়৷
‘বান্দালী জানৰ পাৰ জেহাদী ক্লাব’ৰ নামত পেলাই থৈ যোৱা পত্ৰকেইখনত বহৰি সত্ৰবাসীক গো-মাংস খাবলৈ উল্লেখ কৰাৰ লগতে এইবাৰ থানখনত গৰু কোৰবানি দিব বুলি ভাবুকি দিয়ে৷ আনহাতে ভাবুকি-পত্ৰসমূহত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি কয় যে দম আছে যদি ড॰ হিমন্ত বিশ্ব শৰ্মাই বান্দালী ৰিজাৰ্ভত উচ্ছেদ চলাওক৷
উল্লেখ্যযোগ্য যে বহৰি সত্ৰৰ পূব দিশে বান্দালীত আছিল হৰিদেৱৰ শিষ্য নাৰায়ণদেৱৰ সত্ৰ৷ বান্দালী সত্ৰখন পূৰ্বে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত তাত থকা থলুৱা লোকসকলে বহু পূৰ্বেই বান্দালী সত্ৰ এৰি আন ঠাইত থিতাপি লৈছিল৷ উক্ত বান্দালী ৰিজাৰ্ভৰ মাটিৰ বেদখল উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহবান জনাইছে বান্দালী জেহাদী ক্লাবে৷
আনকি মুখ্যমন্ত্ৰীকো গো-মাংস খাবলৈ পত্ৰখনত উল্লেখ কৰা হৈছে৷ বান্দালীত ১০০জন জেহাদী থকা বুলি উল্লেখ কৰি ভাবুকি-পত্ৰকেইখনত ২০২৪ চনত ভাগৱত মন্দিৰটোত গৰু কোৰবানি দিয়া হ’ব বুলিও পত্ৰখনত উল্লেখ কৰে৷ জেহাদীৰ এই পত্ৰক লৈ স্বাভাৱিকতে অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি হোৱা দেখা গৈছে৷
তাৰাবাৰীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পত্ৰসমূহ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে৷ এই ঘটনা সংঘটিত হোৱাৰ পাছত ইয়াকে লৈ থান পৰিচালনা সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে৷ কিয়নো বহৰিৰ বুনাগোসাঁই থানখনত পূৰ্বেও দূৰ্বৃত্তই অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিছিল৷
এইবাৰো কোনে কি উদ্দেশ্যৰে থানখনত পত্ৰকেইখন পেলাই থৈ গ’ল, তাক লৈ ৰাইজ সন্দিহান হৈ পৰিছে৷ অৱশ্যে ঘটনাৰ সৈতে কোন জড়িত বা কোনে কি উদ্দেশ্যৰে এইদৰে জেহাদীৰ নামত থানখনত পত্ৰ পেলাই থৈ যোৱাৰ লগতে মুখ্যমন্ত্ৰীক উদ্দেশ্যি অশোভনীয় বাক্য প্ৰয়োগৰ আঁৰত আচলতে কোন জড়িত আছে, সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব৷
ইতিমধ্যে বহৰিৰ ঘটনাস্থলীত বৰপেটা জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বি বৰা ভূঞা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সত্ৰবাসীক আতংকিত নহ’বলৈ জনাইছে ৷ আৰক্ষী বিষয়াজনে এই ঘটনাৰ সৈতে জড়িতসকলক বিচাৰি উলিওৱা হ’ব বুলি আশ্বাস দিয়ে৷
ইপিনে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ থানখনত উপস্থিত হৈ সত্ৰ পৰিচালনা সমিতি আৰু থান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰে ঘটনা সম্পৰ্কে আলোচনা কৰে৷
জেহাদীৰ নামত ভাবুকি আৰু ধৰ্মীয় অনুভূতিত আঘাত হনা বাক্যৰে সত্ৰবাসীক উদ্দেশ্যি কৰা মন্তব্যক লৈ বহৰি সত্ৰ পৰিচালনা সমিতি আৰু বুনাগোসাঁই থান পৰিচালনা সমিতিয়ে দুখ প্ৰকাশ কৰাৰ লগতে উক্ত ঘটনাৰ সৈতে জড়িতসকলক বিচাৰি উলিয়াবলৈ দাবী জনাইছে৷
Comments